অসম

গোলাঘাটত ধনশিৰিৰ ব্যাপক খহনীয়া

প্ৰথম খবৰ, গোলাঘাট: গোলাঘাট জিলাৰ সৰুপথাৰৰ নাওজান পশ্চিম বিলপথাৰ গাঁৱত সংহাৰী ৰূপধাৰণ কৰিছে ধনশিৰি নদীৰ ব্যাপক খহনীয়াই৷ নদীখনৰ বুকুত জাহ গৈছে এটা গড়কাপ্টানী পথ বৃহৎ অংশৰ লগতে বহুকেইটা পৰিয়ালৰ ঘৰ-ভেটি৷ ইতিমধ্যেই  ধনশিৰি নদীয়ে বুকুত সামৰি লৈছে পশ্চিম বিলপথাৰ গাঁৱৰ ২৬ টাকৈ পৰিয়ালৰ ঘৰ-ভেটি আৰু কৃষিভূমি৷ কিন্তু এই পৰ্যন্ত খবৰ এটা ল’বলৈয়ো আহৰি নাই বিভাগীয় কৰ্তৃপক্ষ চৰকাৰ তথা প্ৰশাসনৰ৷ ইপিনে, যোৱা নিশাৰে পৰা অধিক ভয়াৱহ ৰূপ লৈছে নদীখনৰ গৰাখহনীয়াই৷ যাৰ ফলত ঘৰ-খেতিপথাৰ নদীৰ বুকুত জাহ যোৱাৰ আশংকাত  নাওজানৰ পশ্চিম বিলপথাৰৱাসী ৰাইজে কটাইছে বিনিদ্ৰ ৰজনী৷ বিগত পাঁচ বছৰে চৰকাৰ প্ৰশাসনক বহু আবেদন-নিবেদন কৰিও কোনো সুফল লাভ নকৰি কেৱল ভাগ্যক ধিয়ায়ে সময় পাৰ কৰিছে পশ্চিম বিলপথাৰ গাঁৱৰ ৰাইজে।

Related Articles

Leave a Reply

Close