অসম

গোসাঁইগাঁও মহকুমা সমাজ কল্যান বিভাগৰ দ্বাৰা নিৱনুৱা যুৱক-যুৱতিলৈ ফটো ষ্টেট মেচিন বিতৰণ

প্ৰথম খবৰ, গোসাঁইগাঁও: গোসাঁইগাঁও মহকুমা সমাজ কল্যান বিভাগৰ উদ্যোগত আজি ১৫ গৰাকী নিৱনুৱা যুৱক-যুৱতীক ফটো ষ্টেট মেচিন বিতৰণ কৰা হয়। গোসাঁইগাঁও হাব্ৰুবিল স্থিত সমাজ কল্যান বিভাগৰ কাৰ্য্যালয় প্ৰাঙ্গণত আজি বিয়লি তিনি বজাত আনুষ্ঠানিক বিতৰণ কাৰ্য্যসূচীত স্থানীয় বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰী, মেজিষ্ট্ৰত দ্বয় ক্ৰমে অঙ্কিতা বৰা, প্ৰিয়াংশু ভৰতদ্বাজ উপস্থিতি থাকি সামগ্ৰীসমূহ হিতাধীকাৰী সকলক প্ৰদান কৰে ৷ ৰাজ্য চৰকাৰৰ SC সমাজ কল্যান বিভাগৰ অন্তৰ্গত Grant to Selfhelp Schem for SC Unemployed indivisual SHGৰ পৰা নিৱনুৱা যুৱক যুৱতি সকলক কৰ্ম স্থাপনৰ বাট মুকলি কৰাৰ এক প্ৰয়াস গ্ৰহণ কৰে৷ ফটো ষ্টেট মেচিনৰ জৰিয়তে ক্ষুদ্ৰ ব্যৱসায়ীৰে নিৱনুৱা যুৱক-যুৱতি সকলে কিছু আৰ্থিক সকাহ পাবলৈ সক্ষম হ’ব  বুলি আশা প্ৰকাশ কৰে হিতাধীকাৰী সকলে৷ মহকুমা সমাজ কল্যান বিভাগৰ বৰবাবু ৰঞ্জিত ৰায়ে আঁত ধৰা বিতৰণী সভাত কাৰ্য্যালয়ৰ কৰ্মী সকল ক্ৰমে মেঘনাথ ব্ৰহ্ম, জন কিস্কু, বিপ্লৱ নাৰ্জাৰীৰ উপৰি গোসাঁইগাঁও মহকুমা এছ চি বৰ্ডৰ সভাপতি দীলিপ কুমাৰ সৰকাৰ সহ বৰ্ডৰ সদস্য সকল উপস্থিত থাকে ৷  উল্লেখ্য যে উক্ত ১৫ গৰাকী হিতাধিকাৰীৰ ভিতৰত দুগৰাকী শাৰীৰিক ভাৱে বিশেষ ভাৱি সক্ষম মহিলাকো প্ৰদান কৰাত হিতাধীকাৰি সকলে সন্তুষ্টি প্ৰকাশ কৰিছে ৷

 

Related Articles

Leave a Reply

Close