অসম

গোসাঁইগাঁৱত এৱছু’ৰ উদ্যোগত দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে বিনামূলীয়া শিক্ষা ব্যৱস্থা

প্ৰথম খবৰ, গোসাঁইগাঁও: নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত আজিৰে পৰা গোসাঁইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিনামূলীয়া পাঠ্যপুঠি শিক্ষা শিবিৰৰ আনুষ্ঠানিকভাৱে উদ্বোধণ কৰে৷ বড়ো মাধ্যমৰ দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সাধাৰণ গণিত, বিজ্ঞান আৰু ইংৰাজী বিষয়ত অভিজ্ঞতা সম্পন্ন শিক্ষক সকলৰ দ্বাৰা শিক্ষাদানৰ ব্যৱস্থা গ্ৰহণ কৰে৷ আজিৰে পৰা ৩০ জুলাইলৈ অনুষ্ঠিত হ’ব লগা উক্ত শিৱিৰৰ আজি আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে মুখ্য অতিথি কেন্দ্ৰীয় এৱছু’ৰ শিক্ষা সম্পাদক কাষ্টম্‌ বসুমতাৰীয়ে৷ গোসাঁইগাঁও আঞ্চলিক এৱছু’ৰ সভাপতি অভিলাল বসুমতাৰীৰ পৌৰহিত্যত গোসাঁইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণী কোঠা অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত কোকৰাঝাৰ জিলা এৱছু’ৰ সাধাৰণ সম্পাদক প্ৰহল্লাদ নাৰ্জাৰী, জিলা শিক্ষা সম্পাদক খাম্পা বসুমতাৰী, উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক সন্তষ বসুমতাৰী, আঞ্চলিক এৱছু’ৰ উপদেষ্টা কনক বসুমতাৰী উপস্থিত থাকি ছাত্ৰ ছাত্ৰীক সম্বন্ধি উপদেশমূলক ভাষণ আগবঢ়াই। গোসাঁইগাঁও আঞ্চলিক এৱছু’ৰ সাধাৰণ সম্পাদকে আঁত ধৰা উদ্বোধনী কাৰ্য্যসূচীত গোসাঁইগাঁও মহকুমাৰ চাৰিখন বিদ্যালয় ক্ৰমে গোসাঁইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়, হাব্ৰুবিল হাই স্কুল, কলেজিয়েত হাই স্কুল আৰু ছোৱালী বিদ্যালয়ৰ বড়ো মাধ্যমত শিক্ষাৰত ছাত্ৰ ছাত্ৰী তথা শিক্ষক সকল উপস্থিত থাকে৷ আনহাতে কেন্দ্ৰীয় শিক্ষা সম্পাদক কাষ্টম্‌ বসুমতাৰীয়ে বড়ো ভাষাৰ পৃথক সঞ্চালকালয়ৰ দাবী সম্পৰ্কে বড়ো সাহিত্য সভাৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰা বুলিও সংবাদ মাধ্যমক অৱগত কৰে ৷

Related Articles

Leave a Reply

Close