অসম

গোসাঁইগাঁৱত স্কাউট আৰু গাইড’ৰ গ্ৰীষ্মকালীন শিবিৰ সম্পন্ন

প্ৰথম খবৰ, গোসাঁইগাঁও: ভাৰত স্কাউট আৰু গাইড’ৰ পাঁচ দিনীয়াকৈ অনুষ্ঠিত কৰা Adventure Summer Campৰ আজি সামৰণি পৰে৷ গোসাঁইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত যোৱা ১৪ জুলাইৰপৰা ১৮ জুলাই লৈ পাঁচদিনীয়াকৈ অনুষ্ঠিত কৰা এই গ্ৰীষ্মকালীন শিবিৰত ৰাজ্যৰ বিভিন্ন বিদ্যালয়ৰপৰা ৭৬ গৰাকী স্কাউট আৰু গাইডে অংশগ্ৰহণ কৰে৷

কোকৰাঝাৰ গুৰু কালিচৰণ ব্ৰহ্ম অপেন ৰভাৰ ক্ৰীউ আৰু হেলেনা বসুমতাৰী অপেন ৰেঞ্জাৰ ক্ৰীউ’ৰ তত্ত্বাবধান আয়োজিত গ্ৰীস্মকালীন শিবিৰত গুৱাহাটী, হোজাই, ৰঙিয়া, সাপটগ্ৰাম’ৰ উপৰি কোকৰাঝাৰ ছোৱালী চৰকাৰী কলেজ, কোকৰাঝাৰ ছোৱালী হাইস্কুল, গোসাঁইগাঁও ছোৱালী হাইস্কুল, কলেজিয়েট হাইস্কুল, উচ্চতৰ মাধ্যমিক বিদ্যালয়, গুৰুফেলা হাইস্কুলৰ উপৰি কেইবাখন বিদ্যালয়ৰ স্কাউট আৰু গাইডে অংশগ্ৰহণ কৰি শাৰীৰিক, মানসিক, ব্যৱহাৰিক আদি কৰি বিভিন্ন দিশসমূহৰ ওপৰত আলোচনা চক্ৰ অনুষ্ঠিত হয় ৷

শিবিৰত শাৰীৰিক অনুশীলন, যোগৰ উপৰি সময় সাপেক্ষে প্ৰকৃতিৰ লগত সহবাস কৰিবলৈ হ’লে নিজকে কেনেদৰে প্ৰস্তুত কৰি তুলিব লাগে সেই সম্পৰ্কে প্ৰশিক্ষণ প্ৰদান কৰে মণিপুৰৰপৰা অহা স্কাউট আৰু গাইড’ৰ প্ৰাক্তন ৰাজ্যিক অৰ্গেনাইজিং কমিচনাৰ টি এছ ভক্তিৰাজে৷

ইয়াৰ উপৰি সাংস্কতিক নৃত্য, গীতৰ প্ৰতিযোগিতা, খেল-ধেমালীও অনুষ্ঠিত কৰে ৷ অংশগ্ৰহণকাৰীসকলক শিবিৰ আয়োজক সমিতিৰ তৰফৰপৰা আজি অনুষ্ঠিত সামৰণি অনুষ্ঠানৰ জৰিয়তে এখনকৈ চাৰ্টিফিকেট প্ৰদান কৰে৷ চৌমখৌৰ বসুমতাৰীয়ে আঁত ধৰা সামৰণি অনুষ্ঠানত ইউথ ডেভেলপমেণ্টৰ ৰাজ্যিক সম্বন্বয়ক বিশ্বজিৎ কুণ্ডু উপস্থিত থাকি স্কাউট-গাইডসকলক আত্মবিশ্বাস সবল কৰাৰ ক্ষেত্ৰত প্ৰৰণা দিয়ে৷

পবিত্ৰ বৰগোয়াৰী, ভৱানী বাগলাৰী, নীলিমা বসুমতাৰী উপস্থিত থাকে এডভেন্সৰ গ্ৰীষ্মকালীন শিবিৰটোৰ সামৰণি অনুষ্ঠানত৷ উল্লেখ্য যে, উক্ত শিবিৰৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে গোসাঁইগাঁও মহকুমা আৰক্ষী বিষয়া মুনিন্দ্ৰ নাথ ডেউৰী উপস্থিত থাকি স্কাউট-গাইড’ৰ ছাত্ৰ ছাত্ৰী সকলক অভিনন্দন জ্ঞাপন কৰে ৷

Related Articles

Leave a Reply

Close