অসম

গোসাঁইগাঁৱত হাৰিমু ৰৈখাতি আফিট’ৰ উদ্যোগত ব্যক্তিত্ব বিকাশ শিবিৰ

প্ৰথম খবৰ, গোসাঁইগাঁও: গোসাঁইগাঁও মহকুমাৰ দাৱাগুৰীত কালিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ব্যক্তিত্ব বিকাশ শিবিৰ অনুষ্ঠিত হয় ৷ হিন্দু বড়ো সংস্কৃতি সুৰক্ষা পৰিষদৰ উদ্যোগত দাৱাগুৰী প্ৰাথমিক বিদ্যালয়ত আয়োজিত ব্যক্তিত্ব বিকাশ শিৱিৰৰ যোগেদি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলক বিভিন্ন দিশত দিহা পৰামৰ্শ আগবঢ়োৱা হয়৷ উক্ত শিৱিৰত অংশ গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰী সকলক গীত, নিত্য, যোগা (প্ৰানায়াম), খেল ধেমালিৰ উপৰি বৃত্তি মূলক পৰীক্ষাত অংশ গ্ৰহণ কৰিবলৈ কেনে ধৰণৰ ব্যক্তিত্বৰ প্ৰয়োজন হয় সেই সম্পৰ্কেও বিভিন্ন দিহা পৰামৰ্শ আৰু অনুশীলন কৰা হয়৷ উক্ত শিৱিৰত হিন্দু ধৰ্মীয় পৰম্পৰা ৰক্ষা, দেশ মাতৃৰ প্ৰতি শ্ৰদ্ধা কৰা, গো-মাতা পূজনৰ উপৰি বিভিন্ন দিশত উপস্থিত আমন্ত্ৰিত বক্তাসকলে পৰামৰ্শ আগবঢ়ায় ৷ শিৱিৰত আজি ধৰ্ম জাগৰণ সমন্বয় বিভাগৰ গুৱাহাটী কেন্দ্ৰৰ প্ৰান্ত প্ৰমূখ যোগেশ শাস্ত্ৰী আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি হিন্দু ধৰ্মীয় তাত্ত্বিক বিষয়সমূহৰ ওপৰত ভাষণ প্ৰদান কৰে৷ ইয়াৰ লগতে ছাত্ৰ-ছাত্ৰীসকল সংস্কৃত শ্লোকসমূহৰ বিষয়েও কিছু পাঠ দান দিয়া হয়৷ শিৱিৰত বক্তা হিচাপে উপস্থিত থাকে গণেশ বসুমতাৰী৷ হিন্দু বড়ো সাংস্কৃতিক সুৰক্ষা পৰিষদৰ কাৰ্যসূচীত সংগঠনটোৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক নৰ্বেশ্বৰ ব্ৰহ্মই সংবাদ মাধ্যমৰ আগত বিভিন্ন প্ৰলোভনেৰে সমাজত একাংশ পৰিয়ালক সম্প্ৰতি ধৰ্মান্তকৰণৰ জৰিয়তে বিভ্ৰান্তিত কৰা বুলি উদ্বেগ প্ৰকাশ কৰে৷ তেওঁ কয় বড়ো, আদিৱাসী, ৰাভাকে আদি কৰি পিছপৰা জনজাতি তথা জনগোষ্ঠীয় লোকসকলক হিন্দু ধৰ্ম ত্যাগ কৰি অন্য ধৰ্মত ধৰ্মান্তকৰণ কৰা চেষ্টাক বিফল কৰাৰ বাবে হিন্দু বড়ো সাংস্কৃতিক পৰিষদে হিন্দু ৰাইজক সজাগ কৰাৰ বাবে প্ৰয়াস অব্যাহত ৰাখিছে আৰু বহু পৰিমানে সফল হোৱা বুলিও ব্যক্ত কৰে। সমাজত এটা শ্ৰেণীয়ে লাভ জিহাদৰ নামত হিন্দু বোৱাৰে জীয়ৰীক ফুছলাই বিবাহ পাশত আৱদ্ধ কৰাতে শান্ত নাথাকি পলুৱাই নি বহিঃ ৰাজ্যত বিক্ৰি কৰাৰ দৰে ঘটনা সংঘটিত হৈ আহিছে আৰু বহু যুৱতী কিশোৰী বহিঃ ৰাজ্যৰ পতিতালয় সমূহৰ পৰা উদ্ধাৰ হোৱাতোয়ে ইয়াৰ জলন্ত প্ৰমান বুলি ব্যক্ত কৰে। এইক্ষেত্ৰত অভিভাৱকসকলেও সজাগ হ’বলৈ কেন্দ্ৰীয় সভাপতি গৰাকীয়ে আহ্বান জনায়। প্ৰায় ১২০ গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহণ কৰা ব্যক্তিত্ব বিকাশ শিৱিৰত আৰ এছ এছ’ৰ কোকৰাঝাৰ জিলা সংঘ চালক সম্ৰাট ব্ৰহ্ম, গোসাঁইগাঁও জিলা সমিতিৰ সভাপতি কামিনী কুমাৰ বসুমতাৰী, সম্পাদক সোমৰেন্দ্ৰ মুছাহাৰী সহ কেইবা গৰাকী জ্যেষ্ঠ ব্যক্তি তথা স্থানীয় জ্যেষ্ঠ ব্যক্তি সকলেও উপস্থিত থাকি অংশ গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰী সকলক দিহা পৰামৰ্শ আগবঢ়ায়৷

 

Related Articles

Leave a Reply

Close