অসম

গোসাঁইগাঁৱৰ মদাতী নদীত গা ধুবলৈ গৈ নিৰুদ্দিষ্ট ৭০ বছৰীয়া বৃদ্ধ

প্ৰথম খবৰ, গোসাঁইগাঁও: গোসাঁইগাঁও মহকুমাৰ মাজেৰে বৈ যোৱা মদাতী নদীত গা ধুৱলৈ গৈ এগৰাকী ৭০ বছৰীয়া বৃদ্ধ যোৱা কালিৰে পৰা নিৰুদ্দিষ্ট হৈ আছে। গোসাঁইগাঁৱৰ দুই নং দলগাঁও নিৱাসী বিশ্বনাথ ৰুহি দাস (৭০) নামৰ লোক জনে মদাতী নদীত দুপৰিয়া গা-ধুৱলৈ যায় উভতি নাহে ৷ পৰিয়ালৰ লোকে নদীৰ পাৰত গৈ তেওঁৰ ব্যৱহাৰ কৰা কাপোৰ আৰু চেণ্ডেল নদীৰ পাৰতে উদ্ধাৰ কৰে যদিও বৃদ্ধ লোকজনৰ কোনো সন্ধান লাভ নকৰে। ঘটনা সম্পৰ্কে আৰক্ষীক অৱগত কৰে যদিও ৩৬ ঘণ্টা অতিবাহিত হোৱাৰ পিছতো নিৰুদ্দিষ্ট বিশ্বনাথ ৰুহিদাসৰ কোনো সন্ধান লাভ কৰা নাই পৰিয়ালে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close