অসম

গোসাঁইগাৱঁৰ হাৰাফুটা নদীত ছাত্ৰৰ সলিল সমাধি

প্ৰথম খবৰ,গোসাঁইগাঁও: গোসাঁইগাঁও মহকুমাৰ ছেৰফাংগুৰি গাঁৱৰ ওচৰেদি বৈ যোৱা হাৰাফুটা নদীত বন্ধুৰ সৈতে গা ধুৱলৈ গৈ এজন ছাত্ৰ আজি সলিল সমাধী ঘটে ৷ গোসাঁইগাঁও লিটিল ফ্লাৱাৰ ইংৰাজী বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ তথা পদ্মবিল নিবাসী বাবুলাল বাস্কেৰ এক মাত্ৰ পুত্ৰ ভাস্কৰ বাস্কে (১০) তেওঁৰ তিনি গৰাকী বন্ধুৰ সৈতে তেলিপাৰা স্থিত হাৰাফুটা নদীৰ ওপৰত থকা চুচ্‌ গেটৰ সমীপত গা ধুবলৈ যায় ৷ দিনৰ প্ৰায় ১২ বজাত গা ধুই থকা সময়ত হথাতে ভাস্কৰ পানীত দুব যোৱাত আন বন্ধু কিইজনে চিঞৰ বাখৰ লগাই ৷ কিশোৰ কেইজনৰ চিঞঁৰ শুনি স্থানীয় ৰাইজ ঘটনাস্থলিত উপস্থিত হৈ পানীত কিশোৰ জনৰ সন্ধানত অভিযান চলায় ৷ ঘটনা সংঘটিত হোৱাৰ প্ৰায় দুই ঘন্টাৰ মুৰত কিশোৰ জনৰ মৃতদেহ স্থানীয় ৰাইজে নদীৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ গৰমৰ বন্ধত বিদ্যালয়ৰ হোষ্টেলৰ পৰা আহি ঘৰত থকা সময়ত বন্ধু বৰ্গৰ লগত গা ধুবলৈ গৈয়ে কিশোৰ জনে কৰুণ মৃত্যুক আকোৱালি লব লগা হোৱা ঘটনাই অঞ্চলটোত শোঁকৰ ছাঁ বিয়পি পৰে ৷ সম্প্ৰতি মৃতদেহটো মৰনোত্তৰ পৰীক্ষাৰ বাবে কোকৰাঝাৰলৈ প্ৰেৰণ কৰে ৷

Related Articles

Leave a Reply

Close