অসম

গোসাঁইগাৱত দোষীক আটক কৰাৰ দাবীত বিশ্ব হিন্দু পৰিষদৰ প্ৰতিবাদ

প্ৰথম খবৰ,গোসাঁইগাওঁ: গোসাঁইগাওঁ মহকুমাৰ ছেৰফানগুৰী গাৱঁৰ এটি কালি মন্দিৰত যোৱা ২০ জুলাইত দুষ্ট চক্ৰই মাঁ কালি মূৰ্ত্তীৰ মূণ্ড কাটি নিয়াৰ উপৰি মাঁ শিতলা মূৰ্ত্তীৰ ক্ষতি সাধন কৰা ঘটনাৰ জৰিত ব্যক্তিক এসপ্তাহ অতিক্ৰম কৰাৰ পিছতো আৰক্ষী প্ৰশাসণে আটক কৰা দুৰৰ কথা চিনাক্ত কৰিব পৰা নাই ৷ গোসাঁইগাওঁ মহকুমা আৰক্ষী প্ৰশাসণ এই ক্ষেত্ৰত সম্পূৰ্ণ ভাৱে ব্যৰ্থ হৈছে ৷ বিগত এসপ্তাহে দুৰ্বৃত্তক আটক কৰিব নোৱাৰাত আজি ৰাতিপুৱা বিশ্ব হিন্দু পৰিষদৰ গোসাঁইগাওঁ প্ৰসণ্ড কমিটি’ৰ উদ্যোগত এক প্ৰতিবাদী বাইক সমদল উলিওৱা হয় ৷ ছেৰফানগুৰীৰ উক্ত কালি মন্দিৰৰ প্ৰাঙ্গণৰ পৰা উলিওৱা বাইক ৰেলিত সংগঠণটোৰ প্ৰায় তিনি শতাধীক কৰ্মী সমৰ্থকে স্বতস্ফূৰ্ত ভাৱে অংশ গ্ৰহণ কৰে ৷ উক্ত বাইক ৰেলি অক্সিগুৰী, ডাৱাগুৰী, মাকটাই গাওঁ, বজুগাওঁ, শিমলটাপু, শ্ৰীৰামপুৰ হৈ ৩১ নং (গ) ৰাষ্ট্ৰীয় ঘাইপথেৰে আহি গোসাঁইগাওঁ সদৰ চহৰ খন পৰিভ্ৰমণ কৰে আৰু মহকুমাধীপতিৰ কাৰ্য্যালয়ত ৰেলিৰ সামৰণি মাৰে ৷ ইয়াৰ পিছত গোসাঁইগাওঁ মহকুমাধীপতিৰ জৰিয়তে অসমৰ মূখ্য মন্ত্ৰী সৰ্বানন্দ সোনৱালক ঘটনাৰ উচিত তদন্ত কৰি প্ৰকৃত দোষিক শীঘ্ৰে আটক কৰাৰ দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰা হয় ৷ বিশ্ব হিন্দু পৰিষদৰ গোসাঁইগাওঁ প্ৰসণ্ড কমিটি’ৰ সভাপতি দীলিপ সৰকাৰে উক্ত ঘটনাক তীব্ৰ ভাষাৰে নিন্দা প্ৰকাশ কৰি সমাজত বিশৃংখলতাৰ সৃষ্টি কৰা দুস্কৃতিকাৰীক চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্থি প্ৰদানৰ দাবী জনায় ৷ সংগঠণটোৰ উপ সভাপতি ৰাজীৱ কুমাৰ বসুমতাৰীয়ে মহকুমা আৰক্ষী প্ৰশাসনক ঘটনাৰ লগত জৰিত দুস্কৃতিকাৰী সকলক বিগত এসপ্তাহ অতিক্ৰম কৰাৰ পিছতো আটক কৰা দুৰৰৰ কথা চিনাক্ত কৰিব নোৱাৰাতো অতি দুৰ্ভাগ্য জনক বিষয় বুলি ক্ষোভ প্ৰকাশ কৰে ৷ সামাজিক বাতাৱৰণ বনষ্ট কৰাৰ চেষ্টা চলোৱা এই সকল দুস্কৃতিকাৰীক অতি শীঘ্ৰে আটক কৰিব নোৱাৰীলে সমাগত দিনত ইয়াতকৈ তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈও সংগঠণটো কাৰ্য্যপন্থা হাতত লবলৈ বাধ্য হব বুলি হুংকাৰ দিয়ে ৷ মাঁ কালি উক্ত মন্দিৰটোত ইয়াৰ পূৰ্বেও অনুৰুপ ঘটনা সংঘটিত কৰিছিল যদিও আৰক্ষী প্ৰশাসণে ঘটনাত জৰিত সকলক আজিও চিনাক্ত কৰিবলৈ সক্ষম হোৱা নাই যাৰ বাবে নোৱাৰা দুৰ্ভাগ্য জনক ভাৱে উক্ত মন্দিৰত দুস্কৃতিকাৰীয়ে পুনৰ এনে জঘন্য ঘটনাটো সংঘটিত কৰিবলৈ সাহস পালে বুলি স্থানীয় ৰাইজে অভিযোগ কৰে ৷ উক্ত ঘটনাৰ যোৰদাৰ তদন্ত কৰি দোষি ব্যক্তিক আটক কৰা আৰু বিহিতশাস্থি প্ৰদান কৰিব পাৰিলেহে এনে ঘটনা পুনৰাবৃত্তি নহব বুলিও একাংশই দাবী কৰে ৷

Related Articles

Leave a Reply

Close