অসম

গোৰেশ্বৰত কস্তুৰী মেল : উপস্থিত কবি প্ৰণৱ কুমাৰ বৰ্মণ আৰু চৰাই পৰ্যবেক্ষক দেবাংগ মহলীয়া

প্ৰথম খবৰ,গোৰেশ্বৰ: গোৰেশ্বৰৰ সামাজিক স্বেচ্ছাসেৱী অনুষ্ঠান কস্তুৰীয়ে আজি সম্পূর্ণ ১২ বছৰত ভৰি দিলে। সেই উপলক্ষে আজি গোৰেশ্বৰত অনুষ্ঠিত কৰা হয় বাৰ্ষিক অধিৱেশন। অধিৱেশন খনৰ লগত সংগতি ৰাখি গোৰেশ্বৰত অনুষ্ঠিত হয় এখন কস্তুৰী মেল। কস্তুৰী মেলত উপস্থিত থাকে যুব প্ৰজন্মৰ জনপ্ৰিয় কবি প্ৰণৱ কুমাৰ বৰ্মণ আৰু প্ৰকৃতিবিদ তথা চৰাই পৰ্যবেক্ষক দেবাংগ মহলীয়া। মেলখন সঞ্চালনা কৰে অৱসৰপ্ৰাপ্ত প্ৰৱক্তা, কবি সাহিত্যিক তথা কস্তুৰীৰ প্ৰাক্তন সভাপতি অজিত তালুকদাৰে। মেলখনত গোৰেশ্বৰ অঞ্চলটোৰ কেইবাজনো ন পুৰনি কবি,শিল্পী তথা ৰাইজ অনুষ্ঠানটোত অংশগ্রহণ কৰে। উল্লেখ্য যে, দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা বাৰ্ষিক অধিৱেশন খনত ৰাতিপুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণৰ লগতে কাৰ্যনিবাহক সভা আৰু বিষয়বাচনী সভাও অনুষ্ঠিত হয়। লগতে কস্তুৰী মেলখনতে গোৰেশ্বৰৰ দুগৰাকী উদীয়মান শিল্পী মৃগেন বড়া আৰু যুৱ অভিনেতা কবিন ৰাজক সম্বৰ্ধনা জনোৱা হয়।উল্লেখ্য যে ভাগ্যদেৱী থিয়েটাৰ ৰ শিল্পী মৃগেন বড়াই ২০১৬-১৭ বৰ্ষৰ ডালমিয়া চিমেণ্ট অসমৰ দ্বাৰা প্ৰদান কৰা ভ্ৰাম্যমাণ থিয়েটাৰৰ শ্ৰেষ্ঠ সংগীত শিল্পী বঁটা আৰু পৃথ্বীৰাজ থিয়েটাৰৰ শিল্পী কবিন ৰাজে ২০১৫-১৬ বৰ্ষৰ শ্ৰেষ্ঠ জনপ্ৰিয় যুৱ অভিনেতাৰ বঁটা লাভ কৰিছিল।

Related Articles

Leave a Reply

Close