অসম

গোৰেশ্বৰত দুই ভুৱা উগ্ৰপন্থী আটক

প্ৰথম খবৰ,গোৰেশ্বৰ: গোৰেশ্বৰ অঞ্চলৰ এজন প্ৰতিস্থিত যুৱ ব্যৱসায়ী এজনক উগ্ৰপন্থীৰ নামত ধন দাবী কৰি আটক হল দুজন ভুৱা উগ্ৰপন্থী। পুলিচ আৰু সেনাৰ যুতিয়া অভিযানত আটক হয় এই দুজন যুৱক। গোৰেশ্বৰ থানা অন্তৰ্গত খৰ্গে বড়োৰ পুত্ৰ কনক বড়ো(২২) তথা প্ৰাক্তন এন ডি এফ বি জনক তঙাবাৰী নামৰ গাওত সেনা আৰক্ষীএ খেদি খেদি আটক কৰে। গোৰেশ্বৰ ৰেল ষ্টেচনৰ হাংলা বড়োৰ পুত্ৰ সুকৰাম বড়ো(৩৮)ক মংগলচকৰ ঘৰৰ পৰা ধৰা হয়। গোৰেশ্বৰ আৰক্ষী থানাত এই বিষয়ত ৬৫/১৭ নং গোচৰৰ ৩৮৭ ধাৰাত এটি গোচৰ ৰুজু হৈ আছিল। উল্লেখ্য যে যুৱক দুজনে নেচনেল ফ্ৰিডম ফাইটাৰ অব বডোলেণ্ড নামৰ এক অজ্ঞাত সংগঠনৰ নামত ধন দাবী কৰিছিল।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close