অসম

গোৰেশ্বৰৰ যুৱক ৰঙিয়াৰ পৰা সন্ধানহীন

প্ৰথম খবৰ,ৰঙিয়া: ৰঙিয়াৰ বায়েকৰ ঘৰলৈ বাক্সা জিলাৰ গোৰেশ্বৰৰ পৰা ফুৰিবলৈ আহি এজন যুৱক সন্ধানহীন হোৱা ঘটনাই এক চাঞ্চল্যৰ সৃষ্টি কৰিছে । ঘটনাৰ বিষয়ে জানিব পৰা মতে বাক্সা জিলা গোৰেশ্বৰৰ প্ৰয়ত দীনেশ দাসৰ পুত্ৰ মুকুল দাসে (২৫) ৰঙিয়া শান্তিপুৰত থকা বায়েকৰ ঘৰলৈ আহিছিল । যুৱক জনে যোৱা ১৮ জুলাই পূৱা ৯ বজাত বায়েকৰ ঘৰৰ পৰা গোৰেশ্বৰৰ ঘৰলৈ বুলি ওলাই যায় । যুৱক জনে ৰেল স্টেচনত আহি পোৱাৰ পিছতে হঠাৎ সন্ধানহীন হয় ।সন্ধিয়াৰ সময়লৈ পৰিয়ালৰ লোকে ইফালে সিফালে বিচাৰ খোচাৰ কৰিও সন্ধান নোপোৱাত ৰেল আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে । আনহাতে পৰিয়ালৰ লোকে জানিব দিয়ামতে এগৰাকী মহিলাই ৰঙিয়া ষ্টেচনত উক্ত দিনা দিনৰ প্ৰায় ১১ বজাত যুৱক জনক দেখা পাছিল । ঘিউ ৰঙৰ হাৰ্ফ চাৰ্ট আৰু মটিয়া ৰঙৰ লং পেন্ট পৰিহিত যুৱক জন গুৱাহাটী অভিমুখী ৰেলত ভুলকৈ উঠা বুলি সন্দেহ কৰা হৈছে । দেখাত এজন মানসিক বিকাৰগ্ৰস্ত ব্যক্তিৰ দৰে দেখা যুৱক জনৰ বিষয়ে কিবা সম্ভেদ পালে 9864888963 নম্বৰত যোগাযোগ কৰাৰ বাবে অনুৰোধ জনাইছে পৰিয়ালে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close