অসম

গোৰ্খালেণ্ডৰ দাবী সমৰ্থনত কোকৰাঝাৰৰ পৰা অসম বংগ সীমান্তৰ শিমলটাপুলৈ বাইক ৰেলী

প্ৰথম খবৰ, গোসাঁইগাওঁ:গোৰ্খালেণ্ডৰ দাবী সমৰ্থনত আজি কোকৰাঝাৰৰ পৰা অসম বংগ সিমান্তৰ শিমলটাপুলৈ এক বাইক ৰেলি উলিওৱা হয় ৷ কোনো দল সংগঠণৰ হৈ নহয়, এইবাৰ বিটিচি’ৰ গোৰ্খা যুৱক সকলে স্বতস্ফূৰ্ত ভাৱে গোৰ্খালেণ্ডৰ সমৰ্থণত উলিয়ালে এই বাইক ৰেলি ৷ কোকৰাঝাৰ জিলা সদৰ চহৰৰ মাজমজিয়াৰ পৰা প্লেগ অফ’ কৰা এই বাইক ৰেলিৰ যোগে গোৰ্খা যুৱ সমাজে পশ্চিম বংগ চৰকাৰে গোৰ্খা সকলৰ ওপৰত চলোৱা অত্যাচাৰ বিৰুদ্ধে তীব্ৰ গৰিহনা দিয়ে ৷ যুৱ বাইকাৰ সকলক নেতৃত্ব দিয়ে কৃষ্ণ নেৱাৰে ভাৰত চৰকাৰক গোৰ্খালেণ্ড গঠণ কৰি ভাৰতীয় গোৰ্খা সকলৰ নায্য প্ৰাপ্য দাবী পুৰণ কৰাৰ বাবে আহ্বান জনৰয় ৷ গোৰ্খালেণ্ডৰ দাবী সম্পৰ্কে শীঘ্ৰে সমাধা সুত্ৰ উলিওৱাৰ বাবে ভাৰত চৰকাৰক ত্ৰি-পাক্ষিক বৈঠক অনুষ্ঠিত কৰাৰ বাবেও ৰেলিত অংশ গ্ৰহণ কৰা গোৰ্খা যুৱক সকলে দাবী জনায় ৷ বাইক ৰেলিত অংশ লোৱা যুৱ নেতা পুস্পৰাজ নেৱাৰে গোৰ্খা সকলৰ এশ বছৰীয়া ইতিহাসত বহু গোৰ্খাই ভাৰতৰ স্বাভিমান ৰক্ষাৰ ক্ষেত্ৰত সকলো সময়তে আগভাগ লৈ আহিছে ৷ তেনে ক্ষেত্ৰত গোৰ্খালেণ্ডৰ এই দীৰ্ঘ দিনীয়া দাবী আদায়ৰ বাবে এইবাৰ সৰ্ব ভাৰতৰ গোৰ্খা এক হৈ নিজৰ প্ৰাপ্য অধিকাৰ আদায়ৰ বাবে যিকোনো পৰিস্থিতিৰ সন্মূখিন হবলৈ সাজু বুলি মন্তব্য কৰে ৷ উক্ত ৰেলি কোকৰাঝাৰৰ পৰা আৰদ্ভ কৰি ৩১ নং (গ) ৰাষ্ট্ৰীয় ঘাইপথেৰে কাৰিগাওঁ, চেৰফানগুৰী, কচুগাও, গুৰুফেলা, গোসাঁইগাওঁ, শ্ৰীৰামপুৰ হৈ অসম বংগ সীমান্তৰ শিমলটাপুত সামৰণি পৰে ৷

Related Articles

Leave a Reply

Close