অসম

গোৱালপাৰাত কংগ্ৰেছৰ বিধায়িনী দলঃ বুজ ললে খাৰবোজা কাণ্ডৰ, মৃত ইয়াকুবৰ পৰিয়ালক সাহাৰ্য্য প্ৰদান

প্ৰথম খবৰ,গোৱালপাৰা: ৩০ জুনৰ খাৰবোজা কাণ্ডৰ বুজ লবলৈ আজি গোৱালপাৰাত উপস্থিত হয় কংগ্ৰেছৰ বিধায়িনী দলৰ দহজনীয়া এটি দল। দলটোত আহে নগাঁও চামুগুৰি সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুচেইন, বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া, ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ, গোৱালপাৰা পূৱ সমষ্টিৰ বিধায়ক এ কে ৰচিদ আলম আৰু ৰূপজ্যোতি কুৰ্মীসহ দহজনকৈ বিধায়ক। দলটো প্ৰথমে জিলাখনত উপস্থিত হৈ অতিৰিক্ত আৱৰ্ত ভৱনত কিছু সময় জিৰনি লোৱাৰ পিছত পোনে পোনে খাৰবোজা ঘটনাত নিহত হোৱা ইয়াকুব আলীৰ গৃহলৈ ৰাওনা হয়। তাত নিহত ইয়াকুবৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰাৰ লগতে বিধায়িনী দলৰ ফালৰ পৰা পৰিয়ালটোক পঞ্চাশ হেজাৰ টকা সাহাৰ্য্য আগবঢ়ায়। কিছু সময় পৰিয়ালৰ সৈতে অতিবাহিত কৰাৰ পিছত দলটো পুনৰ আৱৰ্ত ভৱনত উপস্থিত হয়। খাৰবোজা ঘটনা সম্পৰ্কে বিধায়িনী দলটোৱে জিলাখনৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ সৈতে কিছু সময় আলোচনাতো মিলিত হয়। আলোচনাত উক্ত খাৰবোজা ঘটনাৰ লগতে জিলাখনৰ আইন শৃংখলাৰ দিশটোৰ ওপৰতো আলোচনা হয়। শেষত সাংবাদিকৰে সৈতে হোৱা সাক্ষাৎকাৰত বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়াই কয় যে, খাৰবোজা ঘটনাটোক আমি বিক্ষিপ্ত ঘটনা বুলি কব খোজা নাই। কাৰণ এনে ঘটনা সমগ্ৰ অসমৰ লগতে ভাৰতবৰ্ষটো ঘটিয়ে থাকে। কিন্তু যি বিষয়ক লৈ খাৰবোজা ঘটনাটো সংঘটিত হ’ল হয়টো সেই কাৰণেই উক্ত ঘটণাটোৱে সমগ্ৰ অসমক চুই গৈছে। আমাৰ অসমৰ স্পৰ্শকাতৰ সমস্যা হল “ডি” ভোটাৰ সমস্যা আৰু এন আৰ চি সমস্যা। খাৰবোজা ঘটনাটোত কোনোবা এজন লোকক পথ বন্ধ কাৰ্যসূচীত সহযোগ কৰিবলৈ আহি আৰক্ষীৰ গুলিত নিহত হ’ব লগা হ’ল ইয়াকুব। লগতে কয় যে, আৰক্ষীয়ে সম্পূৰ্ণৰূপে মানৱ অধিকাৰ উলংঘা কৰি ইয়াকুবক হত্যা কৰিছিল। তেঁওৰ প্ৰশ্ন, কিয় আৰক্ষীয়ে তেওঁলোকক জাননী দিয়া নাছিল, কিয় তেওঁলোকক এঠাইত আৱদ্ধ কৰা বা কন্দুৱা গেছ, ৰৱৰ গুলি আদি ব্যৱহাৰ কৰা নাছিল। এয়া পুলিছে ইচ্ছাকৃত ভাৱে হত্যা কৰা বুলি ধাৰণা কৰে। লগতে এই ঘটনাটোৰ বাবে গুৱাহাটীৰ উচ্চ ন্যায়লয়ৰ কৰ্মৰত ন্যায়ধীশৰ দ্বাৰা তদন্ত হোৱাটো বিছাৰে তেওঁ। আনহাতে, প্ৰাক্তন মন্ত্ৰী তথা চামুগুৰি বিধায়ক ৰকিবুল হুচেইনে কয় যে, এই চৰকাৰখনে ৰাইজক ৰঙা চকু দেখুৱাই গণতান্ত্ৰিক অধিকাৰ খৰ্গহস্ত কৰিব বিচাৰিছে। গতিকে যি দোষী চৰকাৰে তাৰ ব্যৱস্থা লব লাগে।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close