অসম

গোৱালপাৰাৰ টোপলাখোৱাত বিদ্যুৎস্পৃষ্ট হৈ কৰুন মৃত্যু এজনৰ, আহত এক

প্ৰথম খবৰ, নগৰবেৰা: ৰাজ্যত পুনৰ উন্মোচিত হ’ল বিদ্যুৎ বিভাগৰ চুড়ান্ত অৱহেলা। বিভাগটোৰ অৱহেলাৰ বাবেই বুধবাৰে নিশা গোৱালপাৰাৰ টোপলাখোৱাত মৃত্যু হয় এজন লোকৰ। আহত হয় আন এজন। মৃত্যু দূতত পৰিণত হৈছে ৰাজ্যৰ বিদ্যুৎ বিভাগ। বিভাগটোৰ অৱহেলাৰ বাবেই বাবেই প্ৰায় প্ৰত্যেক দিনাই মৃত্যু হৈছে নিৰীহ লোকৰ। বুধবাৰে নিশাও সংঘটিত হয় তেনে এক শোকাৱহ ঘটনা । গোৱালপাৰা জিলাৰ টোপলাখোৱাত সংঘটিত হয় ঘটনাটো। বৰপেটাৰ আদুৰীপাৰা গাঁৱৰ অমেদ আলী আৰু আইজল হক নামৰ লোক দুজন কঁঠাল কিনিবলৈ আহে গোৱালপাৰাৰ কঁঠালবাৰী গাঁৱত। ঘৰলৈ ওভোতাৰ পথতে সংঘটিত হয় এই শোকাৱহ ঘটনাটো। টোপলাখোৱা বিলত হেলনীয়া হৈ থকা উচ্চ ক্ষমতা সম্পন্ন বিদ্যুতৰ তাঁৰত লাগিয়ে সংঘটিত হয় দুৰ্ঘটনাটো। স্থানীয় ৰাইজৰ অভিযোগ, দীৰ্ঘদিন ধৰি এনে মৰণফান্দ ৰূপত আছিল বিদ্যুতৰ তাঁৰডাল। বিভাগটোৰ বিষয়া কৰ্মচাৰীক বাৰম্বাৰ অৱগত কৰা স্বত্বেও লোৱা নাছিল কোনো ব্যৱস্থা। আৰু বিভাগটোৰ এনে গাফিলতিৰ বাবেই মৃত্যু হয় এজন নীৰিহ লোকৰ। আহত হয় আন এজন লোক । এয়াই আমাৰ বিদ্যুৎ বিভাগৰ সফলতা। অন্যহাতে ৰাজ্যবাসীক মৃত্যুৰ দুৱাৰডলিত ৰাখি হাহিঁ হাঁহি দিন পাৰ কৰিছে মন্ত্ৰী পল্লৱ লোচন দাসে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close