অসম

গোৱালপাৰা ঘটনাৰ প্ৰতিবাদত শ্ৰীৰামপুৰত সৰ্বানন্দ সোনোৱালৰ পুত্তলিকা দাহ

প্ৰথম খবৰ, গোসাঁইগাঁও: গোৱালপাৰাত ডি ভোটাৰ বিৰুদ্ধে গনতান্ত্ৰিক আন্দোলন কৰিবলৈ গৈ পুলিচৰ বৰ্বৰতাৰে এগৰাকী নিৰিহ যুৱকক গুলিয়াই হত্যা কৰা ঘটনাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থাই৷ গণতান্ত্ৰিক প্ৰতিবাদকাৰী সকলৰ ওপৰত আৰক্ষীয়ে নিৰ্বিচাৰ গুলিয়াই ইয়াকুব আলী(২২) নামৰ নিৰিহ যুৱক জনক হত্যা কৰা আৰক্ষী প্ৰশাসনৰ বিৰুদ্ধে এবিএমছু’ৰ গোসাঁইগাঁও জিলা সমিতিয়ে শ্ৰীৰামপুৰ আঞ্চলিক সমিতিৰ সহযোগত আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনৱালৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ শ্ৰীৰামপুৰ সংলগ্ন ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি ছাত্ৰ সংগঠনটোৰ কৰ্মী সমৰ্থকে বি জে পি চৰকাৰ হায় হায়, নিৰিহৰ ওপৰত নিৰ্বিচাৰ গুলি চালনা কৰা অসম আৰক্ষী হায় হায়, বি জে পি চৰকাৰ হায় হায়, সৰ্বানন্দ সোনোৱাল মুৰ্দাবাদ, সংখ্যালঘূ বিৰোধী হুচিয়াৰ, নিৰিহক গুলিয়াই হত্যা কৰা অসম পুলিচ মুৰ্দাবাদ, হত্যাকাৰীক শাস্তি দিয়ক আদি প্ৰতিবাদী ধ্বনিৰে শ্ৰীৰামপুৰ চাৰিআলি সংলগ্ন ৰাষ্ট্ৰীয় ঘাইপথ উত্তাল কৰি তোলে ৷ প্ৰতিবাদী কাৰ্য্যসূচীত গোসাঁইগাঁও জিলা এবিএমছু’ৰ সভাপতি চফিয়ুৰ ৰহমান আহমেদে ৰাজ্য তথা কেন্দ্ৰীয় বি জে পি চৰকাৰক সংখ্যালঘু বিৰোধী স্থিতিক তীব্ৰ ভাষাৰে সমালোচনা কৰি গোৱালপাৰাত সংঘটিত হত্যাকাণ্ডৰ উচিত তদন্তৰ জৰিয়তে দোষীক শাস্থি প্ৰদানৰ দাবী জনাই৷ আনহাতে আজিৰ প্ৰতিবাদী কাৰ্য্যসূচীৰ জড়িয়তে আৰক্ষীৰ গুলিত নিহত য়াকুৱ আলিৰ পৰিয়ালক দহ লাখ চৰকাৰী আৰ্থিক সাহাৰ্য্য প্ৰদান কৰাৰ লগতে পৰিয়ালৰ এজন সদস্যক চৰকাৰী চাকৰি প্ৰদান কৰাৰ বাবে দাবী জনাই ৷ উক্ত প্ৰতিবাদী কাৰ্য্যসূচীত গোসাঁইগাঁও জিলা এবিএমছু’ৰ সাধাৰণ সম্পাদক মুবাৰক আলি, শ্ৰীৰামপুৰ আঞ্চলিক সমিতিৰ সভাপতি আশ্ৰাফুল আলোম, সাধাৰণ সম্পাদক আব্দুল খালেক শ্বেখ সম্বন্বিতে প্ৰায় অৰ্ধ শতাধীক কৰ্মী সমৰ্থক উপস্থিত থাকে ৷

Related Articles

Leave a Reply

Close