অসমথোৰতে

গোৱালপাৰা জিলা আক্ৰাছুৰ সম্বৰ্ধনা অনুষ্ঠান

নিউজ ডেস্ক,প্ৰথম খৱৰ : গোৱালপাৰা জিলা কোচ ৰাজবংশী ছাত্র সন্থাৰ উদ্যোগত ২০১৬-১৭ বৰ্ষৰ উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্র-ছাত্রীক সম্বৰ্ধনা জনোৱা হয় |দুধনৈৰ ফফলস্থিত হাৰিয়া মণ্ডল ভৱনত ৫২ গৰাকী ছাত্র-ছাত্রীক প্ৰমান পত্র,অভিধান আৰু স্বগোষ্ঠিয় আওচাৰ প্ৰদান কৰা হয় |গোৱালপাৰা জিলা কোচ ৰাজবংশী ছাত্র সংস্থাৰ সভাপতি আনন্দী ৰয় সৰকাৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সম্বৰ্ধনা সভাৰ আঁত ধৰে জিলা সম্পাদক হিতলাৰ ৰায় আৰু উপ সভাপতি মহানন্দ দাসে |অনুষ্ঠানটোত উপস্থিত থাকে কেন্দ্ৰীয় কমিটিৰ সভাপতি হিতেশ বৰ্মন,উপ সভাপতি কমল ৰয়| অনুষ্ঠানৰ মুখ্য বক্তা সকল হল জিতুমনি দাস,কল্যান ৰায়,হিতেশ্বৰ ৰায়,ধীৰেন চন্দ্ৰ ৰায় আৰু কমল ৰাজবংশী |

Related Articles

Leave a Reply

Close