অসম

ঘিলামৰাৰ এটি ৪ বছৰীয়া কণমানিৰ পিতৃ-মাতৃৰ কাতৰ আহ্বান স্বাস্থ্যমন্ত্ৰীলৈ

প্ৰথম খবৰ,ঢকুৱাখনা: চাৰি বছৰীয়া এটি কণমানি ৷ এই দেৱশিশুটি জন্মৰে পৰা শাৰীৰিক জঠৰতা থকা বাবে শিশুটিৰ সন্মুখত এতিয়া এক অন্ধকাৰ ভৱিষ্যত । শিশুটিৰ ভৱিষ্যত দেখি কেৱল চকুলো টুকিছে উপায়হীন পিতৃ-মাতৃয়ে । ঢকুৱাখনা মহকুমাৰ অন্তৰ্গত ঘিলামৰা চিনাইগাঁও নিবাসী সৌৰভ চুতীয়া আৰু জোন চুতীয়াৰ সন্তান এই শিশুটিৰ নাম পুলকেশ চুতীয়া। চাৰি বছৰীয়া এই শিশুটি জন্মৰ পৰাই জঠৰতা ৷ কিন্তু মুখত হাঁহি লৈ থকা এই কণমানি শিশুটিয়ে বয়স অনুসৰি খোজ কঢ়াটো বাদেই স্থিৰহৈ থাকিবও নোৱাৰে ৷ সমগ্ৰ শৰীৰটোৱেই অক্ষম আৰু হাতেৰে সামান্য এটা বস্তুও ধৰিব নোৱাৰে। এতিয়া দৰিদ্ৰ পিতৃ- মাতৃয়ে ধনৰ অভাৱত উন্নত চিকিৎসাৰ বাবে নিব পৰা নাই বাহিৰলৈ ৷ কিন্তু এই কণমানিটি দিনৰ পিছত দিন ধৰি এইদৰে ঘৰতে থাকিব লগা অৱস্থা হৈছে। এতিয়া এই শিশুটিৰ ভৱিষ্যতৰ কথা চিন্তা কৰি পিতৃ সৌৰভ চুতীয়া আৰু মাতৃ জোন চুতীয়াই দিনতে এন্ধাৰ দেখিছে । সেয়ে “প্ৰথম খবৰ”ৰ যোগেদি শিশুটিৰ এই শাৰীৰিক জঠৰতা দূৰ কৰি এক যথোচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ চৰকাৰ তথা স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ হাতযোৰ কৰি কাতৰ আহ্বান জনাইছে দুৰ্ভগীয়া কনমানিটিৰ পিতৃ-মাতৃয়ে ৷

Related Articles

Leave a Reply

Close