অসম

চতিয়াত ৰাইজে আটক কৰি আৰক্ষীক গটালে নাৰী সৰবৰাহকাৰীক

প্ৰথম খবৰ,চতিয়া: চতিয়াৰ জয়সিদ্ধিত যোৱা নিশা স্থানীয় ৰাইজে এজন যুৱক আৰু এগৰাকী মহিলা সহ এগৰাকী স্থানীয় যুৱতীক আটক কৰে । ধৃত যুৱক জন গোলাঘাটৰ প্ৰেম মুন্দা আৰু মহিলা গৰাকী মৰিসূতিৰ লক্ষ্মী গোৱালা । নাৰী সৰবৰাহত জড়িত হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ । উত্তম মধ্যম শোধাই স্থানীয় ৰাইজে গটাই দিয়ে ইটাখোলা আৰক্ষী । ধৃত মহিলা আৰু যুৱকে প্ৰকাশ কৰিছে বহিঃৰাজ্যলৈ কাম কৰিবলৈ নিয়া হয় যুৱতীক । এইজন যুৱক আৰু এই গৰাকী মহিলাই বহুদিন ধৰি বিভিন্ন অঞ্চলৰ পৰা দিল্লীত কাম দিয়াৰ প্ৰলোভনৰে যুৱতী কিশোৰীক সৰবৰাহ কৰি আহিছে । কালি জয় সিদ্ধি নিজৰাপাৰাত ৰাইজৰ হাতত ধৰা পৰাৰ পাছত বহুকেইটা ফোনৰ চিম কাৰ্ড উদ্ধাৰ হৈছে । দিল্লীলৈ বুলি লৈ যাবলৈ বিচৰা এগৰাকী কিশোৰীক উদ্ধাৰ কৰা হৈছে যদিও আৰু কেইবাগৰকী যুৱতীৰ বৰ্তমান সময়লৈকে সন্ধান নাই । সম্প্ৰতি আৰক্ষীৰ জিন্মাত নাৰী সৰবৰাহকাৰী আৰু তদন্ত অব্যাহত ৷

Related Articles

Leave a Reply

Close