অসম

চামগুৰিৰ অৰ্দ্ধশতাধিক গাঁও বানৰ কবলত, বানত বুৰিল কৃষিভূমি-বাসস্থান

প্ৰথম খবৰ,পুৰণিগুদাম: নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত প্ৰায় পঞ্চাশখনৰো অধিক গাঁও বানৰ কবলত পৰাৰ ফলত ৰাইজৰ লগতে পশুধনৰো আলৈ- আথানিৰ সৃষ্টি হৈছে৷ চামগুৰিৰ বিভিন্ন গ্ৰামাঞ্চলৰ মাজেৰে বৈ যোৱা ডিজু নৈ, কলং আৰু ননৈ নদীৰ জলপৃষ্ঠ বাঢ়ি অহাৰ লগতে বিগত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণ আৰু পাহাৰৰ পৰা নামি অহা বাঢ়নী পানীয়ে ন-ন অঞ্চল প্লাৱিত কৰি তোলাত শংকিত বৈ পৰিছে বন্যাৰ্ত ৰাইজ৷ ক্ৰমাৎ ফেনে-ফোটোকাৰে পানী বাঢ়ি থকাত চামগুৰিৰ গ্ৰামাঞ্চলৰ বহু হেক্টৰ কৃষিভূমি সম্পূৰ্ণ ৰূপে ডুব যোৱাৰ লগতে বাসস্থান সমূহৰো বিস্তৰ ক্ষতিসাধন হৈছে৷ বিশেষকৈ ১ নং ভৰাগুৰি, ২ নং ভৰাগুৰি, পদুমনি, পামগাঁও, ডিলকাবস্তী, খনাজান, উদমাৰী, ৰঙামাটি, ব’ৰদল, কঁঠালগুৰি, মুঢ়ানী, কুৰুৱাজান, ম’হপৰা, আমলখি, আমনি, ম’হপৰা, কুৰুৱাজান, হাতীৰগাঁও, জলাহগাঁও, ৰামটিলাআটি আদিকে ধৰি প্ৰায় অৰ্দ্ধশতাধিক গাঁৱত আহাৰমহীয়া বানে বিস্তৰ ক্ষতিসাধন কৰাত চিন্তিত হৈ পৰিছে কৃষিজীৱী গঞা ৰাইজ৷ বাঢ়নী পানীত বহু পোহনীয়া জীৱ-জন্তৰ মৃত্যু হোৱাৰ লগতে বহু পশুধন বানত উটি গৈছে৷ ৰাইজে পথৰ ওপৰতে পোহনীয়া জীৱ-জন্তু বান্ধি উজাগৰী নিশা কটাবলগীয়া হৈছে৷ ইফালে, ননৈ বাঢ়নী পানীয়ে ভৰাগুৰি-পুৰণিগুদাম, ভৰাগুৰি- চাপানালা, হাতীৰগাঁও-ভৰাগুৰি, চলচলি-ৰামটিলাআটি-গড়মূৰ পথকে ধৰি বহুকেইটা গড়কাপ্টানী পথ বুৰাই পেলোৱাত ৰাইজৰ যাতায়াতৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈছে৷ লগতে ভৰাগুৰি, পদুমনি, ডিলকাবস্তী, পামগাঁও আদি অঞ্চলৰ ব্ৰইলাৰ ফ্ৰাৰ্ম সমূহ বাঢ়নী পানীয়ে বুৰাই পেলোৱাত নিবনুৱা যুৱকসকল হতাশ হৈ পৰিছে৷ বানপানীত বহু ব্ৰইলাৰ মূৰ্গীৰ মৰাৰ লগতে বিভিন্ন ৰোগত আক্ৰান্ত হৈছে ব্ৰইলাৰ ফ্ৰাৰ্মসমূহ৷ আনহাতে, চামগুৰি সমষ্টিৰ লাওখোৱা মৌজাৰ অন্তৰ্গত ১ নং ভূৰবন্ধা, ২ নং ভূৰবন্ধা, ভগামূৰকে ধৰি বিভিন্ন অঞ্চলসমূহত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বুৰাই পেলোৱাত বহুলোকে ঘৰবাৰী এৰি নিৰাপদ স্থানত আশ্ৰয় গ্ৰহণ কৰি আছে৷ জিলা প্ৰশাসনে উক্ত স্থানত চাৰিটা আশ্ৰয় শিবিৰ স্থাপন কৰিছে যদিও বহুলোক বৰ্তমান মথাউৰি আদিত আশ্ৰয় ল’ব লগা হৈছে৷ ইফালে,যোৱা কেইবাদিনো ধৰি নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ পানী বাঢ়ি থকাত চামগুৰিৰ নৈ-পৰীয়া ন-ন অঞ্চল বাঢ়নী পানীত বুৰ যোৱাৰ লগতে মথাউৰিৰ প্ৰতিও ভাবুকিৰ সৃষ্টি হৈছে৷ উল্লেখ্য যে, বানত ৰাইজ ককবকাই থকা স্বত্বেও বহু গ্ৰামাঞ্চলত আজি পৰ্যন্ত চৰকাৰী সাহাৰ্য্য নোপোৱাৰ অভিযোগ উঠিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close