অসম

চামগুৰিৰ আমনিত মহিলাসহ শিশু সন্ধানহীন

প্ৰথম খবৰ,পুৰণিগুদাম: নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত আমনি পৰা সন্ধানহীন হৈছে শিশুসহ এগৰাকী মহিলা ৷ এই ঘটনাই অঞ্চলটোত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷ জানিব পৰা মতে,যোৱা ৪ জুলাইৰ দিনৰ ১১ মান বজাত আমনিৰ নিজা ঘৰৰ পৰা সন্ধানহীন হয় সুৰজ গৌড়ৰ পত্নী ৰুপালী গৌড়(২০) আৰু তেওঁৰ দুবছৰীয়া পুত্ৰ ৰৌচন গৌড় ৷ পৰিয়ালৰ লোকে ৰুপালী আৰু ৰৌচনক বিভিন্ন স্থানত বিচাৰিও বৰ্তমানলৈকে কোনো সন্ধান নোপোৱাত আজি সুৰজে চামগুৰি থানাত এজাহাৰ দাখিল কৰিছে ৷ বৰ্তমান চামগুৰি আৰক্ষীয়ে মহিলাগৰাকী আৰু শিশুটোৰ সন্ধান উলিয়াবলৈ অনুসন্ধান অব্যাহত ৰাখিছে ৷

Related Articles

Leave a Reply

Close