অসম

চাহক ৰাষ্ট্ৰীয় পানীয় হিচাপে ঘোষণা কৰিবলৈ দাবী ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ

প্ৰথম খবৰ,লাহোৱাল: চাহক ৰাষ্ট্ৰীয় পানীয় হিচাপে ঘোষণা কৰিবলৈ দাবী উথাপন কৰিছে সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই । আজি ডিব্ৰুগড় বৃহত্তৰ প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদ মেলত সন্থাৰ সভাপতি গোপালকৃষ্ণ খাউণ্ড কয় যে দীঘদিন ধৰি চাহক ৰাষ্ট্ৰীয় পানীয় হিচাপে ঘোষণাৰ বাবে দাবী জনাই অহাৰ পাছতো চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই । অসমৰ অৰ্থনৈতিক ক্ষেত্ৰখনলৈ অভূতপূৰ্ব বৰঙনি আগবঢ়োৱা ক্ষুদ্ৰ চাহ খেতিয়ক সকলক ঋণ দিবলৈও চৰকাৰ ওচৰত দাবী জনাইছে । অন্যহাতেদি কেঁচা চাহ পাতৰ উচিত মূল্য বাবে চৰকাৰক পদক্ষেপ ল’বলৈ সংবাদ মেলৰ জৰিয়তে সন্থাই আহ্বান জনাইছে ।

Related Articles

Leave a Reply

Close