অসম

চাৰিং হাফলুটিঙত উদণ্ড যুৱকৰ আক্ৰমণত বৰযাত্ৰী আহত, হোমযজ্ঞ অবিহনেই আৰক্ষীৰ নিৰাপত্তাত গৃহস্থই বিদায় দিলে কন্যাক

প্ৰথম খবৰ, দিখৌমুখঃ কন্যা ঘৰলৈ বৰযাত্ৰী হিচাৱে অহা শিৱসাগৰ জিলাৰ মেটেকা অঞ্চলৰ এটি দলক গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত হাফলুটিং গড়কাষৰীয়া গাঁৱৰ কন্যা গৃহৰ সমীপত এটা দুৰ্বৃত্তৰ দলে পচন্দ আক্ৰমণ কৰা ঘটনাক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ ঘটনাৰ বিৱৰণী অনুসৰি যোৱা নিশা প্ৰায় এঘাৰ বজাত হাফলুটিং গড়কাষৰীয়া গাঁৱৰ ললিত বড়া নামৰ ব্যক্তিগৰাকীৰ কন্যাৰ বিবাহৰ হেতু পথৰ কাষত বৰযাত্ৰী দলৰ বাহনৰ যথেষ্ট সমাগম হয়৷ একে সময়তে সেই পথেদি অঞ্চলটোৰ কেইজনমান যুৱকে তেওঁলোকৰ বাহন পাৰ কৰোৱাক কেন্দ্ৰ বৰযাত্ৰী দলৰ সৈতে কাজিয়াত লিপ্ত হয়৷ এই কাজিয়া পিছলৈ হতাহতি পৰ্যায় পায়গৈ৷ স্থানীয় একাংশ লোকৰ মধ্যস্থতাত সেইসময়ত যুৱককেইজন উক্ত ঠাইৰ পৰা আতৰি যায় যদিও কিছু সময়ৰ পিছতে আন কেইজনমান যুৱকৰ সৈতে মিলি যুৱককেইজনে দা আৰু লাঠীৰে বৰযাত্ৰী সকলৰ ওপৰত আক্ৰমণ কৰে৷ এই আক্ৰমণত বৰযাত্ৰী দলটোৰ দুজন লোক আহত হোৱাৰ লগতে আনসকল বৰযাত্ৰী সেই ঠাইৰ পৰা ছত্ৰভংগ দিয়ে৷ দুৰ্বৃত্তৰ দলটোৱে ইমানেই উদ্ভণ্ডালি কৰে যে পথৰ দাঁতিত থকা জেউৰা-জপনা আদি সকলো ভাঙি তেওঁলোকে তহিলং কৰে৷ অৱশেষত গৌৰীসাগৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈহে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু কন্যাক আৰক্ষীৰ আবিষ্টনিত হোমযজ্ঞ সম্পন্ন নকৰাকৈয়ে গৃহস্থই বিদায় দিবলগা হয়৷ অন্যহাতে বৰযাত্ৰীৰ আপ্যায়নৰ বাবে যোগাৰ কৰা খাদ্য সামগ্ৰী সমূহো ব্যৱহাৰ নকৰাকৈয়ে নষ্ট হয়৷ ইফালে আহত বৰযাত্ৰী দলৰ দুজন লোক শিৱসাগৰ অসামৰিক চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰি থকাৰ সময়তে দুৰ্বৃত্তৰ দলৰ আহত দুই যুৱক হাফলুটিং মাজগাঁৱৰ চন্দন খনিকৰ আৰু পূৰন্দৰ খনিকৰো চিকিৎসা গ্ৰহণৰ বাবে চিকিৎসালয়ত উপস্থিত হয়৷ লগে লগেই দুই পক্ষৰ মাজত চিকিৎসালয়তে পুনৰ মাৰপিটৰ ঘটনা সংঘটিত হয়৷ অৱশ্যে চিকিৎসালয়ত উপস্থিত থকা গৌৰীসাগৰ আৰক্ষীৰ হস্তক্ষেপত পৰিস্থিতি শাম কাটে৷ আৰক্ষীয়ে উক্ত স্থানৰ পৰাই চন্দন খনিকৰ আৰু পূৰন্দৰ খনিকৰক আটক কৰি থানালৈ লৈ আহে৷ এই ঘটনা সন্দৰ্ভত কন্যা পক্ষৰ লগতে স্থানীয় ৰাইজে দিয়া অভিযোগ আৰু আটকাধীন দুই যুৱকৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে দুৰ্বৃত্তৰ দলটোৰ মূল অভিযুক্ত নৱ লাহন, দেৱজিৎ খনিকৰ আৰু পূৰ্ণকান্ত খনিকৰক গৌৰীসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে৷ লগতে দুৰ্বৃত্তৰ দলটোৱে ব্যৱহাৰ কৰা এ এছ ০৪ আৰ ১৫৩০ নম্বৰৰ টাটা ব’ল্ট গাড়ীখনো আৰক্ষীয়ে জব্দ কৰে৷ ইতিমধ্য সংশ্লিষ্ট আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৪৪৭/৩২৩/৩২৫/৩৪ ধাৰাৰ অধীনত ১২১/১৭ নম্বৰৰ এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷ উল্লেখ্য যে পূৰ্বে এক হত্যাকাণ্ডত জড়িত নৱ লাহন নেতৃত্বাধীন গুণ্ডাবাহিনীটোৱে বিভিন্ন সময়ত অঞ্চলটোত অনুস্থিত সামাজিক-সাংস্কৃতিক অনুস্থানত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল বুলি স্থানীয় ৰাইজে আৰক্ষীক অভিযোগ দাখিল কৰিছে৷ ঘটনাৰ লগত জড়িত দুৰ্বৃত্তৰ দলটোক উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ আৰক্ষীক ৰাইজে দাবী জনাইছে৷

Related Articles

Leave a Reply

Close