অসম

চাৰিটা মাহৰ মূৰত অকস্মাত নতুন মূৰ লৈছে চিলাপথাৰ কাণ্ডই

প্ৰথম খবৰ, ধেমাজি: অসমৰ জাতীয় দল সংগঠনৰ নেতাৰ বিৰুদ্ধে চাৰিমাহৰ মূৰত এজাহাৰ দাখিল কৰিছে তিনি মহিলাই ৷ বিভিন্ন দল সংগঠনৰ ১১ জন নেতাৰ বিৰুদ্ধে চিলাপথাৰ থানাত কেছ নম্বৰ 237 /17 U/S 336 / 436 / 34 IPC ত গোচৰ পঞ্জীয়ন ৷ আছু , চুতীয়া জাতি ছাত্ৰ সন্থা , সোণোৱাল কছাৰী ছাত্ৰ সন্থা , ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ১১ জন জিলা পৰ্য্যায়ৰ নেতা কৰ্মীৰ বিৰুদ্ধে চিলাপথাৰ আৰক্ষী থানাত এজাহৰ দাখিল কৰিছে চিলাপথাৰৰ তিনি মহিলা অপু দাস, শ্বীলো দে’ আৰু মাধৱী দাসে ৷ ৬ মাৰ্চত NIBBUS সদস্যই সমদল কৰি চিলাপথাৰৰ আছু কাৰ্য্যালয় লণ্ড – ভণ্ড কৰাৰ পাছত সৃষ্টি হোৱা উত্তেজনাময় পৰিস্থিতিত আছু, ছাত্ৰমুক্তিকে ধৰি কেইবাটাও সংগঠনৰ ১১ সদস্যই চিলাপথাৰত থকা অভিযোগকাৰী সকলৰ দোকান, ঘৰ ধ্বংস কৰিছিল বুলি এজাহাৰত উল্লেখ কৰা হৈছে।
তিনি মহিলাই দিয়া এজাহাৰত নাম থকা বিভিন্ন সংগঠনৰ সদস্য সকল হ’ল
১) কৃষ্ণৰঞ্জন চুতীয়া , সম্পাদক , ধেমাজি জিলা ছাত্ৰ সন্থা ৷
২)ৰঞ্জিত বৰুৱা
৩) দেবেন ডেকা
৪) ৰাজা গগৈ
৫ ) লক্ষ্যজ্যোতি গগৈ
৬ ) যুগল গগৈ
৭ ) ৰূদ্ৰ ভূঞা , সম্পাদক , ছাত্ৰমুক্তি , ধেমাজি জিলা ৷
৮) প্ৰাঞ্জল চুতীয়া , জিলা সদস্য , চুতীয়া জাতি ছাত্ৰ সন্থা ,ধেমাজি জিলা ৷
৯ ) চন্দন সোণোৱাল , সোণোৱাল কছাৰী ছাত্ৰ সন্থা , ধেমাজি জিলা
১০ ) পৱন ডেকা বৰুৱা
১১) চেলোফুকন , ছাত্ৰ মুক্তি ৷

এই সকলৰ বিৰুদ্ধে চাৰি মাহৰ পিছত এজাহাৰ দাখিল হোৱা ঘটনাই ধেমাজিত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

Related Articles

Leave a Reply

Close