অসম

চিৰাঙৰ বান আৰু গড়াখহনীয়াৰ বুজ ললে শক্তি মন্ত্ৰী পল্লৱ লোচন দাসে, বহি বহিয়ে জিলা উপায়ুক্তৰ সম্বৰ্ধনা গ্ৰহণ কৰিলে মন্ত্ৰীজনে

প্ৰথম খবৰ, কাজলগাঁও: চিৰাঙৰ বান আৰু গৰাখহনীয়াৰ পৰিস্থিতিৰ বুজ লবলৈ দুপৰীয়া ১২ বজাত চিৰাং জিলা উপায়ুক্তৰ কাৰ্য্যালয়ত আহি উপস্থিত হ’ল শক্তি মন্ত্ৰী পল্লৱ লোচন দাস। মন্ত্ৰীজনে জিলা উপায়ুক্তৰ কাৰ্য্যালয়ত উপস্থিত হৈ জিলাখনৰ বিধায়কদ্বয় ক্ৰমে চন্দন ব্ৰহ্ম আৰু কমল সিং নাৰ্জাৰীৰ লগতে জিলাখনৰ সমুহ বিভাগৰ মুৰব্বী বিষয়া সকলৰ সৈতে এক সভাত মিলিত হয়। সভাৰ আৰম্ভনিতে চিৰাং জিলা উপায়ুক্ত বিনোধ কুমাৰ ডেকাই বড়ো সকলৰ পৰম্পৰাগত আৰোনাইৰে সম্বৰ্ধনা জনায়। আচৰ্য্যৰ কথা যে মন্ত্ৰীজনে বহি বহিয়ে সম্বৰ্ধনা গ্ৰহণ কৰা দেখিবলৈ পোৱা গ’ল। সভাৰ পিচতে মন্ত্ৰীজনে জিলাখনৰ ছোটো নিলিবাৰী আৰু আইপোৱালি এই দুখন ঠাইৰ আই নদীৰ গৰাখহনিয়া অঞ্চল পৰিদৰ্শন কৰে । পৰিদৰ্শনৰ সময়ত ছোটোনিলিবাৰীত মন্ত্ৰী জনৰ গাড়ী বোকাত ফচি যোৱাত নামিবলগীয়া পৰিস্থিতিৰো উদ্ভৱ হয়। পৰিদৰ্শন সময়ত আই নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা পদ্ধতি ইজৰাইলৰ পৰা অনা বুলি চিদলী সমষ্টিৰ বিধায়ক চন্দন ব্ৰহ্মই মন্ত্ৰীজনক কোৱা পৰিলক্ষিত হ’ল। মন্ত্ৰীজনে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে অসমত বানপানী প্ৰতি বছৰেই হয় আৰু কোনো এটা ঠাইত নহয় গোটেই অসমত হয়। তাৰ বাবে আমি দীৰ্ঘম্যাদী প্ৰস্তুতিৰ প্ৰয়োজন। গোটেই অসমত একেদিনাই সকলো সমস্যা সমাধান কৰা সম্ভৱ নহয়। আমাৰো কিছুমান প্ৰত্যাহ্ব্বান আছে। তাৰ মাজতে আমি মানুহক ভাল সুবিধা দিয়াৰ চেষ্টা অব্যাহত ৰাখিছো।

Related Articles

Leave a Reply

Close