অসমশীৰ্ষ

চীনক ভাৰতে ভয় নকৰে, চীনক ৰুধিবলৈ সাজু ভাৰতীয় সেনা – আৰ পি শৰ্মা

প্ৰথম খবৰ, তেজপুৰ: বৰ্তমান চীন ভাৰতৰ মাজত যুদ্ধ পৰিবেশ সৃষ্টি হৈ থকাৰ সময়তে তেজপুৰৰ সাংসদ ৰাম প্ৰসাদ শৰ্মাই এই সম্পৰ্কত মন্তব্য কৰি কয়- চীনে যিমানেই আস্ফালন কৰি নাথাকক কিয় চীনক ভাৰতে ভয় নকৰে। চীনক ৰুধিব পৰা শক্তি ভাৰত আছে। ভাৰতীয় সেনা চীনক ৰুধিবলৈ সম্পূৰ্ণ সাজু হৈছে। পূৰ্বেও চীনৰ বিৰুদ্ধে ভাৰতীয় সেনাই চীনা সেনাক উচিত শিক্ষা দিছিল। ১৯৬২ চনত যশৱন্ত সিঙে ৩০০ৰো অধিক চীনাক অকলেই কচুকটা দিছিল। সাংসদ শৰ্মাই বৰ্তমান বিজেপি নেতৃত্বত অসম চৰকাৰৰ অসমৰ উন্নয়ন দিশত ৰেকৰ্ড সৃষ্টি কৰিছে। বিজেপি দলৰ কৰ্মীৰ মাজত বৰ্তমান বিতৰ্ক সৃষ্টি হোৱা ধৰ্ষণৰ অভিযোগ সম্পৰ্কত বিজেপি নেতৃত্বই কঠোৰ সিদ্ধান্ত ল’ব বুলিও মন্তব্য কৰে।

Related Articles

Leave a Reply

Close