মহিলাযুৱ

চুলি সৰা বন্ধ কেনেকৈ কৰিব?

পল্লৱী কলিতা

বহুতেই কয় চিন্তা কৰিলে চুলি সৰে। চিন্তা কৰিলে চুলি সৰেনে নসৰে সেইটো বেলেগ কথা, কিন্তু চুলি সৰিলেযে চিন্তা হয় সেইটো কিন্তু সঁচা। বৰ্তমান সময়ত যুৱতী বা মহিলাসকলৰ বাবে চুলি সৰাটো এটা ডাঙৰ সমস্যা। কিন্তু আমাৰ চুলি কিয় সৰে? যিসকলৰ মূৰ বেছিকৈ ঘামে তেওঁলোকৰ চুলি সৰাৰ সমস্যাও বেছি। ঘামত লৱনৰ পৰিমাণ অধিক থাকে বাবে চুলি সৰাৰ সমস্যাই দেখা দিয়ে। আনহাতে বৰ্তমান কৰ্মৰত যুৱতী বা মহিলাসকলে এয়াৰ কণ্ডিশ্যনড বা এচি ৰূমত থাকিবলগীয়া হোৱাটোও আন এটা সমস্যা। এচি ৰূমত থাকিলে আমাৰ চুলিৰ গুৰিবোৰ শুকান হৈ পৰে। সেইটোও চুলি সৰাৰ অন্যতম কাৰণ।

কেইটামান সাধাৰণ উপায় অৱলম্বন কৰিয়েই আমি চুলি সৰাটো বন্ধ কৰিব পাৰোঁ। চুলিৰ সতেজতা বৃদ্ধি কৰিবলৈ পৰ্যাপ্ত পৰিমাণে পানী গ্ৰহণ কৰক। পানী গ্ৰহণ কৰিলে চুলিৰ সতেজতা বৃদ্ধি হৈ আমাৰ চুলি সৰাটো বন্ধ হয়। পানী পৰ্যাপ্ত পৰিমাণে গ্ৰহণ কৰাটো চুলি সৰাটোতো বন্ধ হয়েই, সমান্তৰালভাৱে ই ছালৰ বাবে ভাল। ই ছালৰ উজ্বলতা বৃদ্ধি কৰে।

তালু (scalp) সদায় পৰিস্কাৰকৈ ৰাখিব লাগে। তাৰবাবে সপ্তাহত তিনিৰপৰা চাৰিদিন চেম্পুৰ ব্যৱহাৰ কৰক। মনত ৰাখিব, প্ৰতিদিনে চেম্পু কৰাটোও বেয়া। চুলি সৰা ৰোধ কৰিবলৈ চুলিত কল সানিব পাৰে। তেতিয়া চুলি মসৃণ হয় আৰু উজ্বলতা বৃদ্ধি হয়।

এইকেইটা নিয়ম পালন কৰিয়েই আপুনি চুলি সৰাৰ সমস্যাৰপৰা পৰিত্ৰাণ পাব। চুলি সৰা ৰোধ কৰিবলৈ আৰু বিভিন্ন উপায় আছে। এই সম্পৰ্কে আমি পৰৱৰ্তী সময়ত প্ৰথম খবৰৰ পাঠকক জনাই যাম।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close