অসম

চেপনত অসম ৰাজ্যিক পৰিবহণ নিগমৰ আস্থান মুকলি

প্ৰথম খবৰ, ডিমৌ: ডিমৌৰ চেপনত শুক্ৰবাৰে ৰাইজৰ বাবে মুকলি কৰা হ’ল অসম ৰাজ্যিক পৰিবহণ নিগম চমুকৈ এ এছ টি চিৰ এটা আস্থান। চেপন তিনিআলিত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত স্থাপন হোৱা নিগমৰ আস্থানটোৰ লগতে দুখনকৈ শীত তাপ নিয়ন্ত্ৰিত বাছৰ চলাচলো শুভাৰম্ভ কৰে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে।

শুভাৰম্ভণি অনুষ্ঠানত ডিব্ৰুগড় জিলাৰ এ এছ টি চিৰ বিষয়াবৰ্গৰ লগতে চেপন অঞ্চলৰ বহু গন্যমান্য লোকসকল উপস্থিত থাকে। বিধায়কগৰাকীয়ে এ এছ টি চিৰ চেপন আস্থানত বিধায়ক উন্নয়ন পুঁজিৰ পৰা এক লাখ টকা শৌচাগাৰ নিৰ্মাণৰ বাবে দিয়া বুলি ঘোষণা কৰে । আশা কৰা হৈছে এই নতুন আস্থানটোৰ পৰা সকলো ৰাইজৰ বাবে যাতায়তৰ সুবিধা হ’ব আৰু ইয়াৰ দ্বাৰা ৰাজ্যিক পৰিবহণ নিগমলৈ এক বৃহৎ ৰাজহ যাব বুলি ধাৰণা কৰা হৈছে।

Related Articles

Leave a Reply

Close