অসম

চৰাইদেউৰ ন-ভূঁই ৰোৱা কাৰ্যসূচীত মুখ্যমন্ত্ৰী

প্ৰথম খবৰ, শিমলুগুৰি: মুখ্যমন্ত্ৰীৰ উপস্থিতিত চৰাইদেউত ন-ভূঁই ৰোৱা কাৰ্যসূচী। চৰাইদেউ জিলা প্ৰশাসন আৰু চৰাইদেউ জিলা কৃষি বিভাগৰ উদ্যোগত মাহমৰাৰ ভঁৰালী পুখুৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত কোঁৱৰ গাঁৱত আয়োজন কৰা ‘ন-ভূঁই ৰোঁৱা’ কাৰ্যসূচীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। সেই উপলক্ষে মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মোহন আৰু চৰাইদেউ জিলাৰ উপায়ুক্ত বিবেকানন্দ ফুকনৰ তত্বাৱধানত বিভিন্ন ধৰণৰ প্ৰস্তুতি চলাইছিল। ‘ন-ভূঁই’ ৰোপনৰ বাবে প্ৰায় এশ হেক্টৰ মাটি প্ৰস্তুত কৰিছিল। সমগ্ৰ কাৰ্যসূচীৰ সফল ৰূপায়ণৰ বাবে প্ৰশাসনৰ লগত অঞ্চলটোৰ স্থানীয় ৰাইজ আৰু মহিলা আত্মসহায়ক গোটসমূহেও প্ৰস্তুতি প্ৰক্ৰিয়াত উৎসাহেৰে যোগদান কৰিছে। উল্লেখযোগ্য যে ‘ন-ভূঁই ৰোৱা’ কাৰ্যসূচীৰ লগত সংগতি ৰাখি কৃষি বিভাগৰ তৰফৰ পৰা হিতাধিকাৰীসকলৰ মাজত পাৱাৰ টিলাৰ আৰু ট্ৰেক্টৰ বিতৰণ কৰে। আনহাতে, অসম গ্ৰামীণ বেংকৰ কাকতিবাৰী শাখা আৰু ইউনাইটেড বেংকৰ উদ্যোগত কৃষকসকলক কিষান ক্ৰেডিট কাৰ্ড আৰু প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ বাবে প্ৰ-পত্ৰ প্ৰদান কৰা হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close