অসম

ছাত্ৰ মুক্তিৰ প্ৰতিবাদত উত্তাল চাবুৱাৰ ৰাজপথ

প্ৰথম খবৰ,চাবুৱা : লাহোৱাল বিধানসভা সমষ্টিৰ অন্তৰ্গত হেজেল বেংক চাৰিআলিৰ পৰা বালিজান চাহ সংযোগী গড়কাপ্তানী পথছোৱা বছৰ বছৰ ধৰি পকীকৰণ নোহোৱাৰ প্ৰতিবাদত আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি চাবুৱা আঞ্চলিক সমিতৰ উদ্যোগত আৰু বৃহত্তৰ ৰহমৰীয়া ৰাইজৰ সহযোগত নাদুৱা চাইডিংত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদস্থলিত চাবুৱা ৰাজহ চক্ৰ বিষয়াৰ লগতে গড়কাপ্তানি বিভাগৰ ডিব্ৰুগড় জিলাৰ কাৰ্য্যবাহী অভিযন্তা ৰাজীৱ লাহন, উপস্থিত হৈ প্ৰতিবাদকাৰী সকলৰ লগত আলোচনা কৰি পথটোত সৃষ্টি হোৱা প্ৰকাণ্ড প্ৰকাণ্ড গাতসমূহ অহা ১০ দিনৰ ভিতৰত পুটি দিয়াৰ লিখিত প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ লগতে বাৰিষাৰ পিছতেই পথটোৰ পকীকৰণৰ কাম আৰম্ভ কৰাৰ লিখিত প্ৰতিশ্ৰুতি প্ৰদান কৰাত সংগঠনটোৱে প্ৰতিবাদী কাৰ্যসূচী পালন কৰে ।

Related Articles

Leave a Reply

Close