অসম

জনজাতিকৰণ কৰাৰ প্ৰতিশ্ৰুতি ভংগৰ প্ৰতিবাদত আমগুৰি আটাছুৱে দাহ কৰিলে ৰাজনাথ সিং- সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি

প্ৰথম খবৰ ,জাঁজী: কেন্দ্ৰীয় আৰু ৰাজ্য উভয় চৰকাৰে অসমৰ ৬ টা জনগোষ্ঠীক জনজাতি কৰণৰ ক্ষেত্ৰত হুঁহুকা- পিছলা কৰি থকা কাৰ্য্যত তীব্ৰ ক্ষোভ প্ৰকাশ কৰি সদৌ তাই আহোম ছাত্ৰ সন্থাৰ আমগুৰি আঞ্চলিক সমিতিয়ে আজি আমগুৰি নগৰৰ মাজ মজিয়াত কেন্দ্ৰীয় গৃহমন্ত্রী ৰাজনাথ সিং আৰু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমুৰ্তি দাহ কৰে । আটাছু ৰ আমগুৰি আঞ্চলিকৰ সভাপতি বিক্রমাদিত্য বৰা, যুটীয়া কাৰ্য্যকৰী সভাপতি টুটু দিহিঙ্গীয়া, আৰু যুটীয়া সাধাৰণ সম্পাদক আদিত্য ৰূচাও আৰু গৌতম দিহিঙ্গীয়াই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতি ত অসমক জনজাতীয় ৰাজ্যৰ ময্যাদা প্ৰদানৰ বাবে মডেলিটি দাখিলৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৩০ জুন লৈ সময়সীমা বৃদ্ধি কৰিও অসমৰ ৬ টা জনগোষ্ঠীক জনজাতিকৰণ নকৰাত ক্ষোভ প্ৰকাশ কৰে ৷

Related Articles

Leave a Reply

Close