অসমশীৰ্ষ

জলবন্দী গহপুৰত SDRF-প্ৰশাসনৰ উদ্ধাৰ অভিযান

নিউজ ডেস্ক, প্ৰথম খবৰ: জলবন্দী হৈ পৰা গহপুৰত ৰাজ্যিক দুৰ্যোগ প্ৰসমন বিভাগে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান। আজি গহপুৰ মহকুমাৰ হেলেম ৰাজহ চক্ৰৰ অন্তর্গত মাগনি কছাৰী গাঁৱত জলবন্দী হৈ থকা আঠটা পৰিয়ালৰ প্ৰায় ৭০ জন সদস্যক এছ ডি আৰ এফ জোৱানৰ সহযোগত প্ৰশাসনে উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ নিয়ে। মাগনি কছাৰী গাঁৱত বালিজান নদীৰ মথাউৰি ছিঙাৰ ফলত বান পৰিস্থিতি জটিল হৈ পৰিছে। বৰ্তমানেও অঞ্চলটোত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।  প্ৰথম খবৰৰ হাতত পৰিছে উদ্ধাৰ অভিযানৰ প্ৰথম আলোকচিত্ৰ।

Related Articles

Leave a Reply

Close