অসম

জাঁজীত সদৌ অসম ভিত্তিত সত্ৰীয়া নৃত্য প্ৰতিযোগিতা “নট-নৃত্যম ২০১৭”

প্ৰথম খবৰ,জাঁজী: অসমৰ সত্ৰীয়া জগতৰ অন্যতম অগ্ৰণী অনুষ্ঠান “সৎকাৰা”ই অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ তত্বাৱধানত আৰু ডালমিয়া ভাৰত চিমেন্টৰ সহযোগত সত্ৰীয়া সংস্কৃতিৰ পুৰোধা, গৱেষক পণ্ডিত, নৃত্যৰত্ন প্ৰয়াত ড° জগন্নাথ মহন্তদেৱৰ সোঁৱৰণত দ্বিতীয়বাৰৰ বাবে সদৌ অসম ভিত্তিত আয়োজন কৰা “নট-নৃত্যম ২০১৭” শীৰ্ষক সত্ৰীয়া নৃত্যৰ প্ৰতিযোগিতাৰ  ইং ২ জুলাই তাৰিখে শিৱসাগৰ জিলাৰ জাঁজী জামুগুৰি নাট্য মন্দিৰত  শুভাৰম্ভ কাৰ্যসূচী সম্পন্ন হৈ যায় ৷ হিমাদ্ৰী জ্যোতি দত্তই আঁত ধৰা অনুষ্ঠানটি বন্তী প্ৰজ্বলনেৰে শুভৰম্ভ কৰা হয় ৷ বন্তি প্ৰজ্বলন কৰে জগন্নাথ মহন্ত দেৱৰ সহধৰ্মিনী শ্ৰীযুতা অঞ্জনা মহন্তই ৷ ইয়াৰ পাচতে জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ৰজনীকান্ত গোস্বামীদেৱে অনুষ্ঠানটিৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৷ ইয়াৰ পাছত ৯ জুলাই তাৰিখে  সত্ৰীয়া সংগীত একাডেমীৰ সহযোগত দুলিয়াজানৰ অসম গেছ কোম্পানীৰ কৰ্মী বিনোদন কেন্দ্ৰ আৰু ১৬ জুলাই তাৰিখে গুৱাহাটীৰ পল্টন বজাৰস্থিত শ্ৰীমন্ত শঙ্কৰ কৃষ্টি বিকাশ সমিতিৰ প্ৰেক্ষাগৃহত প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে ৷ প্ৰতিযোগিতাখনিৰ বিজয়ী প্ৰতিযোগীয়ে “সৎকাৰা”ৰ তৰফৰ পৰা নগদ ২৩০০০/- টকাৰ পুৰস্কাৰ লাভ কৰাৰ উপৰিও উপহাৰৰ টোপোলাৰে পুৰস্কৃত কৰা হ’ব ৷ ইয়াৰোপৰি প্ৰতিযোগিতাত যোগদান কৰা সকলো প্ৰতিযোগীকে যোগদানৰ প্ৰমাণপত্ৰ আাৰু পদক প্ৰদান কৰা হ’ব । নিৰ্বাচিত প্ৰতিযোগীসকলক অসমৰ আগশাৰীৰ অলংকাৰ প্ৰতিষ্ঠান “দুগদুগী” আৰু ডিব্ৰুগড়ৰ বস্ত্ৰ প্ৰতিষ্ঠান “আহাৰ্য”ই আগবঢ়োৱা আকৰ্ষণীয় উপহাৰৰ টোপোলাৰে সন্মানিত কৰা হ’ব ৷ আগ্ৰহী প্ৰতিযোগী তথা অভিভাৱক সকলক ৯৭০৭৪৫৮৬৯৯ / ৯৯৫৪২১৬১৬২ / ৮৮২২০৫১৫১৫ নম্বৰত যোগাযোগ কৰিবলৈ “সৎকাৰা”ৰ তৰফৰ পৰা আহ্বান জনোৱা হৈছে ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close