অসম

জাঁজী-হাঁহচৰা চাংমাই গাঁৱৰ সুৰেন ভট্টাচাৰ্যৰ পৰলোক

প্রথম খবৰ,জাঁজী: যোৰহাট জিলাৰ জাঁজী হাঁহচৰা চাংমাই গাঁৱ নিবাসী সুৰেন ভট্টাচাৰ্যৰ আজি দুপৰীয়া ১২:২০ বজাত নিজা বাসগৃহত পৰলোক প্ৰাপ্তি ঘটে। উল্লেখ্য যে, ৮৪ বছৰীয়া ভট্টাচাৰ্য্য যোৱা ২৩ জুনত চকু চিকিৎসাৰ বাবে নেপাললৈ যোৱাৰ পথত ডিব্ৰুগড় -চণ্ডীগড় এক্সপ্রেছৰ পৰা গুৱাহাটী ৰেলৱে ষ্টেচনত দুৰ্বৃত্তৰ দ্বাৰা অপহৃত হৈছিল। ২৫ জুনত গুৱাহাটীৰ কালাপাহাৰ অঞ্চলত মুৰ্মুষ অৱস্থাত উদ্ধাৰ হোৱা ভট্টাচাৰ্যক চিকিৎসা প্ৰদান কৰাৰ পাছত পুনৰ অসুস্থহৈ পৰিছিল। মৃত্যুৰ সময়ত বিপত্নীক আৰু অপুত্ৰক ভট্টাচাৰ্য্যই বহু আত্মীয় এৰি গৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close