অসম

টংলাৰ সৰবৰহী হোমিঅ’ চিকিৎসকৰ পৰলোকপ্ৰাপ্তি

প্ৰথম খবৰ, টংলাঃ ওদালগুৰি জিলাৰ টংলাৰ সৰবৰহী হোমিঅ’ চিকিৎসক তাপস পুৰকায়স্থৰ আজি দুপৰীয়া প্ৰায় ২-৩০বজাত শ্বিলঙৰ বায়ু সেনা বিভাগৰ চিকিৎসালয়ত পৰলোকপ্ৰাপ্তি ঘটে। ৫৩ বছৰীয়া দৰিদ্ৰ ৰাইজৰ সুহৃদয় বন্ধু চিকিৎসকজনে বিগত প্ৰায় দুই দশক ধৰি বৃহত্তৰ ওদালগুৰি জিলাত হোমিঅ’ চিকিৎসা প্ৰদানেৰে সৰ্বসাধাৰণ ৰাইজৰ সমাদৰ লাভ কৰিছিল। ষ্ট্ৰকত আক্ৰান্ত হৈ এসপ্তাহে চিকিৎসাধীন হৈ থকা অৱস্থাত আজি তেওঁৰ মৃত্যু ঘটে৷ দুজন পুত্ৰ আৰু পত্নীৰ লগতে অগনন গুনমুগ্ধক ইহসংসাৰত এৰি যোৱা চিকিৎসকজনৰ আকস্মিক মৃত্যুত বৃহত্তৰ টংলা অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close