অসমশীৰ্ষ

টিংখাঙত মহাবিদ্যালয়ৰ অধ্যক্ষাক হত্যাৰ চেষ্টা চতুৰ্থবৰ্গৰ কৰ্মচাৰীৰ

প্ৰথম খবৰ,মাহমৰা/টিংখাং: টিংখাং মহাবিদ্যালয়ৰ অধ্যক্ষাক মহাবিদ্যালয়ৰে কৰ্মচাৰীয়ে চোকা অস্ত্রৰে হত্যা কৰাৰ ভাবুকি দিয়াত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ জানিব পৰা মতে, শনিবাৰে আবেলি মহাবিদ্যালয়খনৰ অধ্যক্ষা ড০ জ্যোতিমালা গোঁহাই ফুকন আৰু স্বামী অনুপ ফুকনে মহাবিদ্যালয়ৰ চৌহদৰ পৰা বাহনেৰে নিজ ঘৰলৈ যাবলৈ ওলোৱাৰ সময়তে মূল গেটত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী বীৰেণ গগৈয়ে বাইকেৰে আগভেটা দিয়ে। অনুপ ফুকনে হৰ্ণ দিয়াৰ পিছতো কৰ্মচাৰী বীৰেণে আঁতৰি নিদিয়াত দুয়োজনৰ মাজত প্ৰথমে বাক-বিতণ্ডা আৰু পিছত হতা-হতি পৰ্যন্ত হয়৷ কিছুসময়ৰ পাছত বীৰেণে হাতত দা লৈ অধ্যক্ষৰ দায়িত্বত থকা জ্যোতিমালা গোঁহাই ফুকনক আক্ৰমণৰ বাবে উদ্যত হয়। অৱশ্যে একাংশ ছাত্র-ছাত্রী আৰু শিক্ষক-কৰ্মচাৰীৰ বাবে অধ্যক্ষাগৰাকীৰ প্ৰাণৰক্ষা পৰে। অধ্যক্ষাগৰাকীয়ে টিংখাং আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত অভিযুক্ত বীৰেণ গগৈক আৰক্ষীয়ে আটক কৰে। ইফালে ঘটনা সন্দৰ্ভত নিজৰ দোষ স্বীকাৰ কৰি অনুপ ফুকনে তেওঁৰ বাইকত খুন্দিওৱাৰ লগতে তেওঁক প্ৰহাৰ কৰাৰ পাছতহে খঙত অগ্নিশৰ্মা হৈ এনে কাৰ্য কৰে বুলি সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীজনে ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close