অসম

টিংৰাইত অচিনাক্ত মহিলা মৃতদেহ উদ্ধাৰ

প্ৰথম খবৰ, দুলীয়াজান: টিংৰাই আৰক্ষী চকীৰ অন্তৰ্গত পোলাইবাৰী চাহ বাগিচাৰ কাষৰ এটি জানৰ পৰা আজি বিয়লি এটা মৃতদেহ উদ্ধাৰ হয়। উদ্ধাৰ হোৱা মৃতদেহটো মহিলাৰ বুলি জানিব পৰা গৈছে। প্ৰাপ্ত তথ্য অনুসৰি, বিয়লি ভাগত স্থানীয় লোকে মাছ ধৰিবলৈ বুলি ওলাই গৈ মৃতদেহটো ওপঙি থকা প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। উদ্ধাৰ হোৱা কেশহীন মৃতদেহটো আৰক্ষীয়ে প্ৰায় দহদিনৰ পুৰণি বুলি অনুমান কৰিছে। ব্লাউজ আৰু পেটিকোট পৰিহিতা মহিলাগৰাকীৰ মৃতদেহটো একবাৰে উৱলী যোৱা ফলত এতিয়ালৈকে চিনাক্ত কৰিব পৰা নাই।

Related Articles

Leave a Reply

Close