অসম

টিয়কত ৰাষ্ট্ৰীয় ঘাইপথৰ ভয়ানক গাঁতে যমৰ যাতনা খুৱাইছে সাধাৰণ জনতাক


প্ৰথম খবৰ,টীয়ক: অতি ব্যস্ত উজনি নামনিৰ সংযোগস্থল টীয়ক নগৰৰ ৰাজপথ হৈ পৰিছে অতিশয় বিপদজ্জনক৷ টীয়কৰ ৰাজপথত যাত্ৰা কৰাতো এতিয়া শংকাময় হৈ পৰিছে৷ কেইদিনমান পূৰ্বে বহুকেইটা সংগঠনৰ উত্তাল প্ৰতিবাদত ৰাজপথটোত একপ্ৰকাৰৰ টাপলি মাৰি দায়িত্ব সামৰিছিল ৷ তাৰে পৰিণতি স্বৰূপে মেৰামতিৰ ২মাহ সম্পূৰ্ণ নৌহৌতেই ভয়ানক গাতে সাধাৰণ জনতাৰ জীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে৷ এই সন্দৰ্ভত টীয়কৰ চক্ৰ বিষয়া ভাস্কৰজ্যোতি ৰাজবংশী আৰু নগৰ সমিতিৰ অধ্যক্ষ ৰফিক উজ জামান ডাঙৰীয়াৰ স্বাক্ষৰ সম্বলিত পত্ৰ উৰ্দ্ধতম কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰিছে৷ এই পত্ৰৰ জৰিয়তে ৰাষ্ট্ৰাঘাটৰ শোচনীয় অৱস্থাৰ লগতে চাৰিলেনযুক্ত পথনিৰ্মান সংস্থাৰ অদূৰদৰ্শিতাৰ ফলত টীয়ক নগৰত হ’ব পৰা কৃত্ৰিম বানপানীৰ কথা সবিস্তাৰে উল্লেখ কৰি ইয়াৰ সমাধানৰ বাবে ব্যৱস্থাৰ অনুৰোধ কৰে৷ উৰ্ধতম কতৃপক্ষই ৭ দিনৰ ভিতৰত প্ৰতিবেদন বিচাৰি পত্ৰ প্ৰেৰণ কৰা কথা জানিব পৰা গৈছে৷ অৱশ্যে ইয়াৰ ফলাফল কি হ’ব সেয়া লক্ষণীয় হ’ব৷ টীয়ক নগৰৰ অন্তৰ্গত টীয়ক পেট্ৰল পাম্প আৰু মিধাখাটৰ মাজৰ এক অংশত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ অাধা অংশ জলমগ্ন হৈ পৰিছে৷এটা দিশ জলমগ্ন হৈ পৰাত দুয়োদিশৰ যান বাহন সমূহ বিপৰীত দিশে যাত্ৰা কৰাত দুৰ্ঘটনাৰ আশংকা প্ৰকট হৈ পৰিছে৷ টীয়ক আৰক্ষী থানাৰ সন্মূখ, পুৰনা বেংক তিনিআলি, পেট্ৰল পাম্পৰ সমীপকে ধৰি বহুঠাইত ৰাষ্ট্ৰীয় পথটো কদৰ্যময় ৰূপ ধাৰন কৰিছে৷ অলপতে ৰাজপথৰ প্ৰকান্দ গাত বচাবলৈ গৈ টীয়ক চিকেবি কলেজৰ সমীপত চুইফট ডিজাইয়াৰ পথাৰত সোমোৱাৰ বিপৰীতে কালি নিশা ১০:৩০ বজাত কলিয়াপানীত ইন্দিগ’ দুৰ্ঘটনাত পতিত হোৱাৰ লগতে নিতৌ বহুতো দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতো প্ৰশাসনে বৰ্তমানলৈকে কোনো ব্যৱস্থা গ্ৰহণ নকৰাটোহে লক্ষণীয় হৈ পৰিছে৷

Related Articles

Leave a Reply

Close