অসম

টীয়কৰ সত্ৰীয়া নৃত্য কৰ্মশালাত মূখ্য প্ৰশিক্ষকৰ ৰূপত পদ্মশ্ৰী যতীন গোস্বামী

প্ৰথম খবৰ,টীয়ক: পদ্মশ্ৰী,নৃত্যচাৰ্য আৰু আন বহুতো ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত অসমৰ সত্ৰীয়া নৃত্য জগতৰ পৰিচিত নাম যতীন গোস্বামী দেৱ টীয়কৰ জ্যোতি সংগীত ভাৰতী বিদ্যালয়ৰ উদ্যোগত ৮ দিনীয়াকৈ অনুষ্ঠিত সত্ৰীয়া নৃত্য কৰ্মশালাত মূখ্য প্ৰশিক্ষক হিচাপে উপস্থিত থাকিব৷সেই উপলক্ষে টীয়ক গুৱাঁলগাও ত আয়োজিত নৃত্য কৰ্মশালাৰ শুভাৰম্ভ অনুষ্ঠানত উপস্থিত থাকি গোস্বামীদেৱে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে যে “সত্ৰীয়া নৃত্য কেৱল মনোৰঞ্জন বা উপাসনাৰ বিষয় হৈ থকা নাই,ই বিশ্বতেই সমাদৰ লাভ কৰিছে ৷বিশ্বনৃত্য ক্ষেত্ৰখনত সত্ৰীয়া নৃত্যৰ যি বৰঙণি তাত টীয়কৰ ছাত্ৰ ছাত্ৰীসকলেও অৱদান আগবঢ়াব পাৰিব৷” পুৱা ১০ বজাত বন্তি প্ৰজ্বলনেৰে কৰ্মশালাৰ শুভাৰম্ভ কৰে গোস্বামীদেৱে৷ এই অনুষ্ঠানতেই যতীন গোস্বামীদেৱক ফুলাম গামোছাৰে আদৰণি জনোৱাৰ লগতে ৭০ জন প্ৰশিক্ষাৰ্থীয়ে গুৰুজনাৰ সেৱা লয়৷ইয়াৰ পাছতেই কৰ্মশালাৰ আনুষ্ঠানিকভাৱে মুকলি হয়৷এই কৰ্মশালাত সহযোগী প্ৰশিক্ষকৰুপে প্ৰশিক্ষণ আগবঢ়াইছে সমীক্ষা বৰাই৷ টীয়ক অঞ্চলত সত্ৰীয়া নৃত্যৰ প্ৰসাৰৰ অৰ্থে নিৰন্তৰ প্ৰয়াস কৰি থকা পূণ্য দোলাকাষৰীয়াৰ তত্বাৱধানত আয়োজিত এই কৰ্মশালাৰ সামৰণি অনুষ্ঠান অহা ১৪ জুলাইত সুধাকণ্ঠ ড° ভূপেন হাজৰিকা সোৱৰণী প্ৰেক্ষাগৃহ ত অনুষ্ঠিত হ’ব ৷

Related Articles

Leave a Reply

Close