অসম

টীয়কত পুনৰ এনকেফেলাইটিছত এজনৰ মৃত্যু

প্ৰথম খবৰ,টীয়ক: টীয়ক বামুন গাঁৱৰ নিৱাসী তথা ৰূপকোঁৱৰ মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক যতীন নেওগৰ জাপানিজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যু হয়৷ সোমবাৰে পুৱতি নিশা ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হস্পিতেলত শেষ নিশ্বাস ত্যাগ কৰে৷ উল্লেখযোগ্য যে, এমাহ পূৰ্বেও এই ৰোগত আক্ৰান্ত হৈ টীয়কৰ চিন্তামণিগড়ৰ এজন লোকে প্ৰাণ হেৰুৱাব লগাব হৈছিল৷ টীয়কত এনকেফলাইটিছৰ প্ৰাদুৰ্ভাৱে জনসাধাৰণক আতংকিত কৰি তুলিছে৷

Related Articles

Leave a Reply

Close