অসম

ডাক বিভাগৰ আজৱ কাণ্ড, প্ৰেৰণ কৰোঁতালৈকে চিঠি প্ৰেৰণ

প্ৰথম খবৰ, ফিল’বাৰী: আজৱ আজৱ কাণ্ডৰে গ্ৰাহকক মূৰৰ কামোৰণি সৃষ্টি কৰিব পৰা টোৱেই যেন ডাক বিভাগৰ কাম। শেহতীয়াকৈ তেনে এক ঘটনা উন্মোচিত হৈছে তিনিচুকীয়া জিলাৰ ফিল’বাৰীত। ২২ জুলাই তাৰিখে ফিল’বাৰী মহাবিদ্যালয়ৰ ছাত্ৰী মৃন্ময়ী শইকীয়াই অভিভাৱকৰ জৰিয়তে  তিনিচুকীয়া প্ৰধান ডাকঘৰৰ পৰা অইল ইণ্ডিয়া লিমিটেডৰ দুলিয়াজান কাৰ্যালয়লৈ অইল ইণ্ডিয়া মেধা ছাত্ৰ-ছাত্ৰী জলপানীৰ আবেদনৰ প্ৰপত্ৰ পূৰণ কৰি স্পীড পোষ্টযোগে পঠিয়াই।

এই আবেদন প্ৰাপ্তিৰ অন্তিম দিন আছিল ২৫ জুলাই, ২০১৭। ২৫ জুলাইৰ দিনা ফিল’বাৰী উপডাকঘৰৰ লোকে সেই আবেদন পত্ৰসম্বলিত লেফাফাটো যেতিয়া মৃন্ময়ীৰ অভিভাৱকৰ হাতত দিয়ে তেতিয়া তেওঁলোকে ধাৰণা কৰিলে যে অইল ইণ্ডিয়াৰ দুলিয়াজান কাৰ্যালয়ৰ পৰা এই আবেদন চক্ৰান্তমূলকভাৱে ঘূৰাই পঠিয়াইছে। কিন্তু মৃন্ময়ীৰ অভিভাৱকৰ শুভাকাংক্ষীয়ে ইণ্টাৰনেটযোগে ভাৰতীয় ডাক বিভাগৰ ৱেবছাইটত চাওঁতেহে উৰহি গছৰ ওৰটো ওলাল। লেফাফাৰ ওপৰত লিখা প্ৰাপকৰ ঠিকনাৰ পৰিৱৰ্তে  প্ৰেৰকৰ ঠিকনালৈকেহে ডাক বিভাগে সেই চিঠি প্ৰেৰণ কৰিলে।

ততাতৈয়াকৈ মৃন্ময়ীৰ অভিভাৱকে তিনিচুকীয়াস্থিত প্ৰধান ডাকঘৰত পত্ৰখন জমাৰ সময়ত দিয়া কাগজ সহ যোগাযোগ কৰাত বিভাগৰ চৰ্টিঙৰ ভুল স্বীকাৰ কৰি ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে  যদিও ডাকঘৰৰ এনে অবিবেচকী কাণ্ডৰ ফলত মৃন্ময়ীৰ দৰে মেধা ছাত্ৰী এগৰাকীয়ে অইল ইণ্ডিয়াৰ মেধা বৃত্তিৰ পৰা বঞ্চিত হোৱাটো নিশ্চিত হ’ল।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close