অসম

ডিক্ৰং নৈৰ বাঢ়নী পানীয়ে হাৰমতীত লৈছে ভয়ংকৰ ৰূপ

প্ৰথম খবৰ,হাৰমতী: ডিক্রং নদৰ বাঢ়নী পানীত জলমগ্ন লক্ষীমপুৰ জিলাৰ মেৰবিলৰ ৭ খন গাওঁ ৷ ডিক্রং নদীৰ বান পানীত আজি হাৰমতী মেৰবিলৰ৭ খনকৈ গাওঁ বুৰ যায় ৷ গাওঁবাসীৰ অভিযোগ যে প্রশাসনৰ দায়িত্বহীনতাৰ ফলত মেৰবিলবাসীয়ে দুৰ্ভোগ ভুগিব লগা হৈছে ৷ তেওঁলোকৰ অভিযোগ যে চৰকাৰে নদীৰ দুই কাষে মাথাউৰী নিৰ্মাণৰ কথা আছিল যদিও আজি ২বছৰ পাছতো সেই কাম আৰম্ভ নহ’ল ৷ সেয়েহে ৰাইজে এই কাম অতি সোনকালে আৰম্ভ কৰিবৰ বাবে চৰকাৰক অনুৰোধ জনাইছে ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close