অসম

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আজি ঘোষিত স্নাতক চুড়ান্ত পৰীক্ষাত ক’লা শাখাত শ্ৰেষ্ঠ স্নাতকৰ সন্মান লাভ কৰিছে মৰাণ মহিলা মহাবিদ্যালয়ৰ ছাত্ৰী পল্লৱী ভট্টাচাৰ্য

প্ৰথম খৰব,মৰাণ: ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আজি ঘোষিত স্নাতক চুড়ান্ত পৰীক্ষাত ক’লা শাখাত শ্ৰেষ্ঠ স্নাতকৰ সন্মান লাভ কৰিছে মৰাণ মহিলা মহাবিদ্যালয়ৰ ছাত্ৰী পল্লৱী ভট্টাচাৰ্যই ৷ পল্লৱীয়ে শিক্ষাতত্ব বিষয়ত ৮৫•৩৬% নম্বৰেৰে বিশ্ববিদ্যালয়ৰ ভিতৰত শ্ৰেষ্ঠ স্নাতকৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে ৷ মৰাণৰ সমীপৱৰ্তী ৰাজগড়ৰ ন-ভকতীয়া গাঁও নিবাসী, অৱসৰপ্ৰাপ্ত শিক্ষক অতুল ভট্টাচাৰ্য আৰু দীপা ভট্টাচাৰ্যৰ কন্যা পল্লৱীয়ে নিজৰ সফলতাত আনন্দ প্ৰকাশ কৰিছে ৷ বৰ্তমান ডিব্ৰুগড় বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ মহলাত নামভৰ্তি কৰিব পল্লৱীয়ে ৷ ইফালে পল্লৱীৰ সফলতাত মৰাণ মহিলা মহাবিদ্যালয়ত আনন্দমুখৰ পৰিবেশৰ সৃষ্টি হয় ৷ মহাবিদ্যালয়খনৰ উত্তীৰ্ণৰ শতকৰা হাৰ ৯১•৫৫% ৷ মহাবিদ্যালয়খনৰ মুঠ ৭০ গৰাকী ছাত্ৰীয়ে বিভিন্ন বিষয়ত প্ৰথম শ্ৰেণী লাভ কৰিবলৈ সক্ষম হৈছে ৷

Related Articles

Leave a Reply

Close