অসমশীৰ্ষ

ডিমৌত ভয়াৱহ পথ দূৰ্ঘটনাত আহত ১১

প্ৰথম খবৰ,ডিমৌ: ৰাজ্যত ক্ৰমাৎ কিলাৰ হাইৱেলৈ পৰিণত হৈছে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ। দেওবাৰে ডিমৌত এক শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয় । ঘটনা অনুসৰি নগাঁৱৰ পৰা ডিব্ৰুগড় অভিমুখী এখন বেলেনো গাড়ীয়ে ডিমৌৰ দিহাজানত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এজন চাইকেল আৰোহিক খুন্দিয়াই বিপৰীত দিশৰ পৰা আহি থকা এখন ইণ্ডিকা গাড়ীৰ সৈতে মুখা-মুখী সংঘৰ্ষ সংঘটিত কৰে । এই ভয়ংকৰ পথ দুৰ্ঘটনাত গাড়ী দুখনৰ আৰোহী সকলৰ সৈতে মুঠ ১১ জন লোক গুৰুতৰ ভাবে আহত হয় । দুৰ্ঘটনা সংঘটিত কৰা বেলেনখনৰ নম্বৰ হৈছে AS-01BW-7321 আৰু ইণ্ডিকা খনৰ নম্বৰ হৈছে AS-04F-2487 । ঘটনাস্থলীত লগে লগে ডিমৌ আৰক্ষী উপস্থিত হয় । দুৰ্ঘটনাটোত আহত সকলক ডিমৌ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও বহুকেইজন লোকক ইতিমধ্যে সংকটজনক অৱস্থাত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close