অসম

ডিমৌৰ চৰ’গুৱাত সুৰামত্ত পুত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত পিতৃ-মাতৃ

প্ৰথম খবৰ, ডিমৌ: ডিমৌৰ সমীপৰ চৰ’গুৱাত সংঘটিত হৈছে এক হৃদয় বিদাৰক কৰুণ ঘটনা। দেওবাৰে ৰাতি চৰ’গুৱা গ্ৰাণ্ট গাঁৱত এজন সুৰামত্ত পুত্ৰই আক্ৰমণ কৰে নিজৰে জন্মদাত্ৰী পিতৃ-মাতৃক। ধৃত পাশান পুত্ৰই পিতৃ সোণাৰাম গগৈক লাঠীৰে নিৰ্মমভাৱে প্ৰহাৰ কৰে আৰু মাতৃ ডালিমী গগৈকো দাৰে আক্ৰমণ কৰে। পুত্ৰৰ দাৰ কেইবাটাও ঘাপত গুৰুতৰভাৱে আহত হয় ডালিমী গগৈ। পিছত দুয়োকে সংকটজনক অৱস্থাত ডিমৌ চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হয়। ইফালে সুৰাৰ ৰাগিত মাতাল হৈ পিতৃ-মাতৃক আক্ৰমণ সংঘটিত কৰি পুত্ৰ বিদ্যুত গগৈয়ে পলায়ন কৰে। ঘটনাৰ কাৰণ বাতৰি যুগুতোৱাপৰলৈকে স্পষ্ট নাই হোৱা যদিও ইতিমধ্যে ডিমৌ আৰক্ষীয়ে বিষয়ত তদন্ত আৰম্ভ কৰিছে। সি যি কি নহওক নিজ পুত্ৰৰ আক্ৰমণত পিতৃ-মাতৃ আঘাতপ্ৰাপ্ত হোৱা ঘটনাই এতিয়া সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে।

Related Articles

Leave a Reply

Close