অসম

ডিমৌ প্ৰেছ ক্লাৱ আৰু পৰিৱৰ্তন স্বেচ্ছাসেৱী সংস্থাৰ বানপীড়িতক সাহাৰ্য বিতৰণ

প্ৰথম খবৰ, ডিমৌ: মঙ্গলবাৰে বানত আক্ৰান্ত বন্যাৰ্ত ৰাইজৰ কাষত থিয় দিলে ডিমৌৰ এদল সাংবাদিক। ১০৭ নং থাওৰা বিধানসভা সমষ্টিত বানে প্লাৱিত কৰা বহু অঞ্চলত এতিয়া হাহাকাৰময় পৰিস্থিতিয়ে বিৰাজ কৰিছে। তেনে এক সময়তে বন্যাৰ্ত ৰাইজৰ কাষত ডিমৌ প্ৰেছ ক্লাৱ আৰু স্বেচ্ছাসেৱী সংস্থা পৰিৱৰ্তন এন জি অ’ ৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত ডিমৌৰ বকতা মৌজাৰ প্ৰায় কুৰিখন গাঁৱৰ ৰাইজৰ মাজত বিভিন্ন খাদ্য সামগ্ৰী তথা অত্যাৱশ্যকীয় বহু সা-সামগ্ৰী বিতৰণ কৰে। চৰকাৰ-প্ৰশাসনৰ ফালৰপৰা পৰ্যাপ্ত সাহাৰ্য লাভ নকৰা বন্যাৰ্তসকলক সহায়ৰ হাত আগবঢ়োৱাত উৎফুল্লিত হৈ পৰিছে বন্যাৰ্ত ৰাইজ। এই বান সাহাৰ্য বিতৰণ কাৰ্যসূচীত উপস্থিত থাকে ডিমৌ প্ৰেছ ক্লাৱৰ সম্পাদক অজয় কুমাৰ গগৈ,সাংবাদিক যুগল শৰ্মা, বীৰেন কলিতা, সঞ্জয় চাহ, যদুমণি বড়া, পৰিৱৰ্তনৰ সম্পাদক শেখৰজ্যোতি দুৱৰী, সভাপতি নবীন গগৈ, সহ সম্পাদক দিপাংকৰ কলিতা, উপ সভাপতি গৌতম হীৰা আদি সকলো উদ্যোক্তা উপস্থিত থাকে। উল্লেখযোগ্য যে, থাওৰা সমষ্টিত এইবাৰৰ ভয়াবহ বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বানাক্ৰান্ত লোকসকলক মানৱতাৰ দৃষ্টিভংগীৰে কিছু সাহাৰ্য আগবঢ়োৱাৰ উদ্দেশ্যে ডিমৌ প্ৰেছ ক্লাৱ আৰু পৰিৱৰ্তন এন জি অ’ৰ সদস্যসকলে বিগত তিনিটা দিন ধৰি বান সাহাৰ্য সংগ্ৰহ অভিযানত নামি পৰিছিল। আৰু তেওঁলোকৰ সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই ডিমৌ অঞ্চলৰ বহুকেইজন সদাশয় ব্যক্তি,অনুষ্ঠান-প্ৰতিষ্ঠানে ব্যাপকভাৱে সাহাৰ্য সামগ্ৰীৰে সহায় আগবঢ়ায়। ডিমৌৰ বিশিষ্ট চিকিৎসক ডা° সুৰজিৎ গিৰি, আটাছু ডিমৌ আঞ্চলিকৰ সন্দীপ গগৈ, সংগ্ৰামী যুৱ-ছাত্ৰ পৰিষদ অসম ডিমৌ আঞ্চলিকৰ বিষয়ববীয়া বিশ্বজিৎ শ্যাম, নিমাই দেৱনাথ, সুনিল শৰ্মা, তাপস নন্দী, পবিত্ৰ গগৈ, ঔমপ্ৰকাশ বাজাজ, কমল আগৰৱালা, ক্ষীৰোদ মেচ, নিতাইপুখুৰী হেমচন্দ্ৰ দেৱগোস্বামী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সঞ্জীৱ বৰগোঁহাই, শিক্ষয়িত্ৰী পুণ্য দত্ত,পৰাগ কোঁৱৰ, ভূষণ গগৈ, ডিমৌ মহাবিদ্যালয়ৰ অধ্যাপক পবিত্ৰ গগৈ, আৰক্ষী বিষয়া বুধিন গগৈ আদি বহুকেইজন মানৱতাবাদী ব্যক্তিয়ে সাহাৰ্য সামগ্ৰীৰে সহায় আগবঢ়ায়। লগতে এই বান সাহাৰ্য বিতৰণৰ কাৰ্যসূচীত সহযোগিতা আগবঢ়াই সদৌ অসম এম জি এনৰেগা কৰ্মচাৰী উন্নয়ন পৰিষদৰ ৰাজ্যিক সভাপতি কিৰণ কিশোৰ গগৈ আৰু কাৰ্যনিৰ্বাহক সদস্য অভিজিত দত্তৰ লগতে শিৱসাগৰ জিলা সমিতিৰ উপদেষ্টা বিপুল বৰগোহাঞি আৰু হিচাপ পৰীক্ষক শশাংক চেতিয়াই ।

Related Articles

Leave a Reply

Close