অসম

ঢকুৱাখনা জালভাৰীত গ্ৰীষ্মকালীন পাঠদান সামৰণি

প্ৰথম খবৰ, ঢকুৱাখনা: জালভাৰী গাঁৱৰ কেইজনমান ব্যক্তিৰ আপ্ৰাণ চেষ্টাত ঢকুৱাখনা মহকুমাৰ পশ্চিম প্ৰান্তৰ বৃহত্তৰ জালভাৰী অঞ্চলত আজি প্ৰতিভা সন্ধানী আৰু শৈক্ষিক বিকাশ মঞ্চৰ উদ্যোগত আৰু কলাকটা গাঁৱৰ ৰাইজৰ সহযোগত জালভাৰী গাঁৱৰ নামঘৰৰ প্ৰাংগণত পুৱাৰে পৰা আৰম্ভ হোৱা কাৰ্যসূচীৰ সমূহীয়া চাফাই লগতে গছপুলিও ৰোপণ কৰা হয়।

গছপুলি ৰোপণৰ পাছতে ঢকুৱাখনা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ডঃ নৰেন্দ্ৰ নাথ দত্তই সম্পাদৰ্কীয় ভাষণ প্ৰদান কৰাৰ পাছতে পতকা উত্তোলন কৰে মঞ্চৰ উপসভাপতি প্ৰেম প্ৰসাদ দত্তই, একেদৰে গাঁৱৰ কণ – কণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত কৰা প্ৰতিযোগিতাসমূহ পৰিচালনা কৰে প্ৰাক্তন প্ৰধান শিক্ষক লিখন দত্ত আৰু শিক্ষক হিৰণ্য বৰফুকনে।

প্ৰতিভা সন্ধানী আৰু শৈক্ষিক বিকাশ মঞ্চ তৰফৰ পৰা সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত, স্নাতক – স্নাতকোত্তৰ চূড়ান্ত পৰীক্ষাত স্থান প্ৰাপ্ত মেধাবী ছাত্ৰ-ছাত্ৰীক সম্বর্ধনা জনোৱাৰ লগতে বৃহত্তৰ অঞ্চলটোৰ বিবিশিষ্ট নাগৰিককো সম্বর্ধনা জনায়।

এই এমাহজোৰা গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান শিবিৰ সফল সামৰণিৰ শেষত আজি দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা পাছত অনুষ্ঠানৰ শেষৰ ফালে জালভাৰী গাঁৱৰ যুৱক-যুৱতীসকলে পৰিবেশন কৰা বিভিন্ন নৃত্য-গীত মাতেৰে অনুষ্ঠানটো সুন্দৰ কৰি তোলে।

Related Articles

Leave a Reply

Close