অসম

তামুলপুৰত বনৰীয়া হাতীৰ আক্ৰমণত এজন নিহত

প্ৰথম খবৰ,তামুলপুৰ: তামুলপুৰ মহকুমাৰ নাগ্রীজুলি উন্নয়ন খণ্ডৰ অন্তৰ্গত ভাৰতভূটান সীমান্তৰ চন্দ্ৰনগৰত যোৱা কালি অৰ্থ ১৮ জুলাই মঙ্গলবাৰে নিশা বনৰীয়া হাতীৰ আক্ৰমনত স্বপন দে নামৰ পঞ্চাশ বছৰীয়া এজন কৃষকৰ মৃত্যু হয় ৷ জানিব পৰা মতে কালি গধুলি পথাৰত নিজৰ এৰাল দিয়া গৰু আনিবলৈ যাওঁতে পাহাৰৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীৰ জাক এটাই আক্ৰমন কৰে স্বপনক ৷ ফলত স্বপন থিতাতে নিহত হয় ৷ উল্লেখ্যযে বনৰীয়া হাতী জাক আহি আজি কিছুদিন ধৰি বৃহত্তৰ নাগ্রীজুলি অঞ্চলত বাহৰ পাতি খাদ্যৰ বাবে উপদ্ৰৱ চলাই আহিছে আৰু বনৰীয়া হাতীয়ে বহু পৰিয়ালৰ ঘৰ দুৱাৰ ভাঙি, তামোল-নাৰীকলকে ধৰি বহু মূল্যবান গছ গছনি ভাঙি তাণ্ডৱ অব্যাহত ৰাখিছে ৷ কুমাৰিকাটা আৰক্ষী ঘটনাস্থলী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মাৰনোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে।

Related Articles

Leave a Reply

Close