অসম

তামুলপুৰত মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ এবিএমছুৰ

প্ৰথম খবৰ, তামুলপুৰ: তামুলপুৰ জিলা এবিএমছুৰ উদ্যোগত দ্বাৰকুছি আঞ্চলিক এবিএমছুৰ সহযোগত কালি গোৱালপাৰাৰ খাৰমুজাত সাধাৰন সংখ্যালঘু জনতাৰ ওপৰত আৰক্ষীয়ে নিৰ্বিচাৰ গুলিচালনা কৰা ঘটনাাৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়। অসম আৰক্ষী হায় হায়, এবিএমছু জিনবাবাদ, গোৱালপাৰাৰ ঘটনাৰ ন্যায়িক তদন্ত লাগে, অসম চৰকাৰ মূর্দাবাদ আদি ধ্বনি দি হাতে হাতে বেনাৰ পোষ্টাৰ আদি লৈ দ্বাৰকুচিৰ চিকনিবাৰী চকত এবিএমছুৰ নেতা কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰে আৰু গৃহ বিভাগৰ দায়িত্বত থকা সৰ্বানন্দ সোনোৱালৰ প্ৰতিমূৰ্তি দাহ কৰে। উক্ত ঘটনাৰ ন্যায়িক তদন্তৰ দাবীত ৰঙিয়া-ভূটান পথৰ চিকনীবাৰীত আজি ৰাতিপুৱা দহ বজাত প্ৰতিকৃতি দাহ থলীত তামুলপুৰ জিলাৰ নেতা কর্মীৰ লগতে তামুলপুৰ জিলা এবিএমছুৰ অধীনৰ আঞ্চলিক সমিতি সমূহৰ নেতা কৰ্মী সকলে শ্লোগান দি ৰঙিয়া ভূটান পথ উত্তাল কৰি তোলে ৷ এবিএমছুৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক নজৰুল ইছলাম, তামুলপুৰ জিলা এবিএমছুৰ সম্পাদক টাইচন হুছেইনে গোৱালপাৰাৰ ঘটনাত নিহত য়াকুব আলিৰ পৰিয়ালক ২০ লাখ টকাৰ ক্ষতিপূৰণ আৰু আহত সকলক ১০ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ দাবী জনাইছে।

Related Articles

Leave a Reply

Close