অসমশীৰ্ষ

তিতাবৰত নৰ-কংকাল উদ্ধাৰৰ ঘটনাৰ নতুন মোৰ, জুলেখা বেগম নামৰ এগৰাকী যুৱতীৰ বুলি দাবী কৰিছে পৰিয়ালে

প্ৰথম খবৰ, তিতাবৰ: তিতাবৰত উদ্ধাৰ হোৱা নৰ-কংকালৰ  ঘটনাই লৈছে নতুন মোৰ। কংকালটো এগৰাকী যুৱতীৰ বুলি চিনাক্ত কৰিছে এটা পৰিয়ালে। নৰ-কংকালৰ লগত উদ্ধাৰ হোৱা পোচাকে আনিছে যুৱতীৰ পৰিচয়। কংকালটো জুলেখা বেগম নামৰ এগৰাকী যুৱতীৰ বুলি দাবী কৰিছে পৰিয়ালে। ২৮ জুনৰ পৰা সন্ধানহীন হৈ আছিল যুৱতী গৰাকী। সন্ধানহীন হোৱাৰ খবৰো দিয়া হৈছিল তিতাবৰ আৰক্ষীক। পৰৱৰ্তী সময়ত কোনো সন্ধান পোৱা হোৱা নাছিল যুৱতীগৰাকীৰ। ইয়াৰ পাছতে এটা মাহৰ পাছত দেওবাৰে তিতাবৰ কৃষি গৱেষনা কেন্দ্ৰৰ সমীপতে উদ্ধাৰ হৈছিল কংকালটো। আৰু কংকালটোৰ লগত থকা পোছাকৰ ভিত্তিতে জুলেখা বেগমৰ কংকাল বুলি দাবী কৰিছে পৰিয়ালটোৱে। এই ঘটনাই অঞ্চলজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।

কিন্তু কেনেকৈ পথৰ কাষত উদ্ধাৰ নৰ-কংকাল: সদাব্যস্ত তিতাবৰ-বৰহোলা সংযোগী ন-আলি পথৰ কাষত, কৃষি গৱেষণা কেন্দ্ৰৰ সমীপলৈ কিদৰে আহিল যুৱতীৰ এই কংকাল, কোনে পেলাই থৈ গ’ল এই কংকাল, বা কোনোবাই হত্যা কৰি পেলাই ৰাখিছিল নেকি এই কংকালটো ইয়াক লৈ বহু প্ৰশ্নৰ অৱতাৰণা হোৱাৰ সময়তে যুৱতীৰ জ্যেষ্ঠ ভ্ৰাতৃ আৰু পৰিয়ালৰ ভাষ্যই দিছে সমগ্ৰ ঘটনাক  নতুন মোৰ। উচ্চাৰিত হৈছে বিকাশ নামৰ এজন যুৱকৰ নাম।

কিন্তু কোন এই বিকাশ? যুৱতীৰ জ্যেষ্ঠ ভ্ৰাতৃৰ ভাষ্য অনুসৰি তিতাবৰ বান্দৰচলিয়াৰ বিকাশ নামৰ এজন যুৱকৰ সৈতে সম্পৰ্ক আছিল যুৱতী গৰাকীৰ। এই সম্পৰ্কক বাধা দিছিল যুৱতীৰ পৰিয়ালে। আনকি নিশা তিনি বজাৰ পৰ্যন্ত ৰাজপথত বিকাশৰ সৈতে একেলগে থকা অৱস্থাত পৰিয়ালে উভতাই আনিছিল যুৱতী গৰাকীক। আৰু পৰৱৰ্তী সময়ত নিখোজ হৈ পৰিছিল এই গৰাকী যুৱতী। ইয়াৰ পাছতে যুৱতীৰ সন্ধানহীন হৈ থকা এটা মাহৰ পাছত হঠাৎ এইদৰে এটা কংকাল উদ্ধাৰ আৰু পৰৱৰ্তী সময়ত এইদৰে যুৱতীৰ পৰিয়ালৰ কংকাল দাবী কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰশ্ন হয়, পৰিয়ালে দাবী কৰা অনুযায়ী প্ৰকৃততেই এই কংকালটো যুৱতী গৰাকীৰ হয়নে?

যদি এই গৰাকী যুৱতীৰেই কংকাল হয় তেন্তে কোনে হত্যা কৰিলে এক মাহে নিৰুদ্দিষ্ট হৈ থকা এই গৰাকী যুৱতীক? যুৱতীৰ লগত প্ৰেমৰ সম্পৰ্ক থকা বিকাশ কত? ইয়াক লৈ সৃষ্টি হৈছে নানা ৰহস্যৰ। সম্প্ৰতি তিতাবৰ আৰক্ষীৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব ঘটনাৰ আঁৰৰ প্ৰকৃত ছবি। শেহতীয়াকৈ আৰক্ষীয়ে উদ্ধাৰ কৰা নৰ-কংকালৰ নমুনা ফৰেনচিকলৈ প্ৰেৰণ কৰা ব্যৱস্থা গ্ৰহণ কৰিছে।

 

Related Articles

Leave a Reply

Close