অসম

তেজপুৰত হৃদয় বিদাৰক দৃশ্য

প্ৰথম খবৰ,তেজপুৰ: আজি বিয়লি ৪মান বজাত তেজপুৰ কেকোৰাপুলত বহুলোক সমাবেশ ঘটিল । সকলোৰে দৃষ্টি পথৰ দাঁতিৰ কাষত থকা হোলাত পৰি থকা এজন ২৪ – ২৫ বছৰিয়া যুৱকলৈ ।তেজপুৰ কেকোৰাপুলৰ নলাৰ কাষত থকা হোলাত এজন যুৱক বাগৰি পৰে। বাগৰি অচেতন হৈ পৰি থকা যুৱক জনক সকলোৱে লক্ষ্য কৰিলে কিন্তু উদ্ধাৰ কৰি চিকিৎসা কৰাৰ বাবে কাৰো যেন আহৰি নাই। কেৱল সকলোৱে যুৱক জনক দৃষ্টি কৰি কয় মদ খাই পৰিছে। চাৰিঘণ্টাৰো অধিক সময় পৰি থকাৰ পিছত এজন অট’চালকে যুৱক জনক মুমুৰ্ষ অৱস্হাত উদ্ধাৰ কৰি তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে ।

Related Articles

Leave a Reply

Close